পুনৰ BTAD ত জব্দ বৃহৎ অস্ত্ৰ ভাণ্ডাৰঃ জিপি সিঙে এক্সৰ জৰিয়তে দিলে খবৰ...

পূৰ্বে চিৰাং জিলাৰ ভিন্ন স্থানৰ পৰা জব্দ কৰিছিল অস্ত্ৰ
পুনৰ BTAD ত জব্দ বৃহৎ অস্ত্ৰ ভাণ্ডাৰঃ জিপি সিঙে এক্সৰ জৰিয়তে দিলে খবৰ...
পুনৰ BTAD ত জব্দ বৃহৎ অস্ত্ৰ ভাণ্ডাৰঃ জিপি সিঙে এক্সৰ জৰিয়তে দিলে খবৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ বি টি এ ডিৰ বিভিন্ন স্থানত অভিযান চলাই ধাৰাবাহিকভাৱে আৰক্ষীয়ে অভিযান জব্দ কৰিছে অবৈধ অস্ত্ৰ। মঙ্গলবাৰে নিশাও পুনৰ কোকৰাঝাৰৰ পৰা মাটিৰ তলত পুতি থোৱা অৱস্থাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১১ টাকৈ হস্ত নিৰ্মিত ৰাইফল।

অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (চোৰাংচোৱা) আৰু সেনা বাহিনীৰ তথ্যৰ ভিত্তিত এই অস্ত্ৰসমূহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। ইফালে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ এখন ফটোৰ সৈতে এক্সত এই বিষয়ে উল্লেখ কৰিছে।

তেওঁ উগ্ৰপন্থীৰ ক'লা দিনৰ গোপন অস্ত্ৰসমূহ উদ্ধাৰৰ বাবে ৰাজ্যজুৰি অসম আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। কিন্তু পূৰ্বৰ দৰেই এই অস্ত্ৰসমূহ উদ্ধাৰৰ সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰকাশ কৰা নাই কোকৰাঝাৰ আৰক্ষীয়ে।

ইয়াৰ পূৰ্বে চিৰাং জিলাৰ কেইবাটাও স্থানৰ পৰা অবৈধ অস্ত্ৰ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। এই সন্দৰ্ভত জিপি সিঙে এক্সৰ জৰিয়তে অৱগত কৰিছিল যদিও চিৰাং আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্যই প্ৰকাশ কৰা নাছিল। জানিব পৰা মতে অবৈধ অস্ত্ৰসমূহ উদ্ধাৰ কৰাৰ বাবে চলি থকা অভিযানত ব্যাঘত যাতে নঘটে তাৰ বাবেই কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে।

উল্লেখ্য ইয়াৰ পূৰ্বে ১৮ জুলাইত চিৰঙৰ পৰা ১২ টা হস্তনিৰ্মিত বন্দুক, ৪ টা পিষ্টল আৰু এটা ৰিভলভাৰ উদ্ধাৰ কৰা হৈছিল। তাৰ এদিন পূৰ্বে চিৰাং আৰক্ষীয়ে বিজনী আৰু ৰুণীখাতা থানা এলেকাৰ পৰা ২ টা হস্তনিৰ্মিত একে ছিৰিজৰ ৰাইফল, এটা ৰিভলভাৰ, ৫ জাই সক্ৰিয় গুলী আৰু ৬ টা ওৱাকী টকী উদ্ধাৰ কৰিছিল ।

পুনৰ BTAD ত জব্দ বৃহৎ অস্ত্ৰ ভাণ্ডাৰঃ জিপি সিঙে এক্সৰ জৰিয়তে দিলে খবৰ...
পুনৰ মৰিগাঁৱৰ নেলীত জব্দ ৮ টা চোৰাং গৰু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in