চিৰাঙত বুজন পৰিমাণৰ অবৈধ মৰণাস্ত্ৰ উদ্ধাৰ...

হস্তনিৰ্মিত AK ছিৰিজৰ ৰাইফল, ৰিভলভাৰ, সজীৱ গুলী, ৱাকী টকী, চাৰ্জাৰ উদ্ধাৰ

author-image
Asomiya Pratidin
New Update
চিৰাঙত বুজন পৰিমাণৰ অবৈধ মৰণাস্ত্ৰ উদ্ধাৰ...

চিৰাঙত বুজন পৰিমাণৰ অবৈধ মৰণাস্ত্ৰ উদ্ধাৰ...

ডিজিটেল সংবাদ চিৰাং: বৃহস্পতিবাৰে নিশা এক গোপন সূত্ৰৰ আধাৰত চিৰাং আৰক্ষীৰ এটা দলে অভিযান চলাই বুজন পৰিমাণৰ অবৈধ মৰণাস্ত্ৰ আৰু সক্ৰিয় গুলী উদ্ধাৰ কৰে। চিৰাং আৰক্ষীৰ এই অভিযানত দুটা পৃথক পৃথক স্থানৰ পৰা দুটা হস্তনিৰ্মিত AK ছিৰিজৰ ৰাইফল, এটা ৰিভলভাৰ, পাঁচ জাই সজীৱ গুলী ছটা ৱাকী টকী আৰু তিনিটা চাৰ্জাৰ উদ্ধাৰ।

মৰণাস্ত্ৰ উদ্ধাৰ কৰা ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে কিছু তথ্য বৃহস্পতিবাৰে নিশাই সামাজিক মাধ্যমত প্ৰকাশ কৰে যদিও চিৰাং আৰক্ষী ফালৰ পৰা এই অবৈধ মৰণাস্ত্ৰৰ বিৰুদ্ধে চলিথকা অভিযান সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই । প্ৰাপ্ত খবৰ অনুসৰি চিৰাং আৰক্ষীয়ে এক গোপন সূত্ৰৰ আধাৰত বৃহস্পতিবাৰে বিয়লি ভাগৰ পৰা জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানা আৰু বিজনী থানা এলেকাত অভিযান চলাই দুটা পৃথক ঠাইৰ পৰা এই মৰণাস্ত্ৰখিনি উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি চিৰাঙত উদ্ধাৰ হোৱা মৰণাস্ত্ৰখিনি বিটিআৰ এলেকাৰ এটা অখ্যাত আদিবাসী উগ্ৰপন্থী সংগঠনৰ বুলি জানিব পৰা গৈছে। উক্ত আদিবাসী উগ্ৰপন্থী সংগঠনটো কিছুদিনৰ পৰা বিটিআৰৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত সিচঁৰতি হৈ সাংগঠনিক কামকাজ চলাই আছিল।

সম্প্ৰতি অসমৰ আৰক্ষীৰ সৈতে যোগাযোগ স্থাপন কৰি উগ্ৰপন্থী সংগঠনৰ শীৰ্ষ নেতা আৰু সদস্যসকলে চৰকাৰৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰি মূলসূঁতিলৈ অহাৰ চেষ্টাত আছে । অভিযানত উদ্ধাৰ হোৱা মৰণাস্ত্ৰখিনি উক্ত আদিবাসী সংগঠনৰে বুলি সূত্ৰটোৱে জানিবলৈ দিছে ।

লক্ষ্যনীয় বিষয় যে, এই সমগ্ৰ ঘটনা সংক্ৰান্তত কোনো এজন লোকক আটক কৰা নাই। আজি ৰাতিপুৱা চিৰাঙৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আকশাৎ গাৰ্গক প্ৰশ্ন কৰাত তেখেতে কয় যে আমাৰ অভিযান অব্যাহত আছে । আগলৈ এই অভিযান সফল কৰাৰ স্বাৰ্থত এই মুহূৰ্তত সকলো তথ্য সদৰি কৰিব নোৱাৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

ইপিনে চিৰাঙত এই অবৈধ মৰণাস্ত্ৰ উদ্ধাৰ কৰা সন্দৰ্ভত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, কেৱল চিৰাঙত নহয় বিটিআৰ এলেকাত এনেধৰনৰ অবৈধ মৰণাস্ত্ৰ উদ্ধাৰ হোৱাটো কোনো ডাঙৰ কথা নহয়। কাৰণ এই বিটিআৰ শান্তিচুক্তিৰ আগলৈকে এই অঞ্চলত বহু অবৈধ মৰণাস্ত্ৰ ঝনঝননি আছিল। বহু মৰণাস্ত্ৰ সেনা -আৰক্ষীৰ ভয়ত মাটিৰ তলত পুতি থোৱা হৈছিল আৰু সেইবোৰ মৰণাস্ত্ৰ এতিয়া মাজে সময়ত আৰক্ষীৰ লোকে অভিযান চলাই উদ্ধাৰ কৰে । কালিও অসম আৰক্ষীয়ে এক সফল অভিযান চলাই এই মৰণাস্ত্ৰখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তাৰ বাবে অসম আৰক্ষীৰ এই ভূমিকাক ভুয়সী প্ৰশংসা কৰে।

Also Read: ঢকুৱাখনাত কোচ ৰাজবংশী লোক নৃত্য, গীতৰ সাংস্কৃতিক কৰ্মশালা...

চিৰাং অবৈধ মৰণাস্ত্ৰ