বাক্সাত ‘ৰাষ্ট্ৰীয় লোক আদালত’ৰ জৰিয়তে ক্ষীপ্ৰ আৰু ব্যয়হীনভাৱে নিষ্পত্তি শতাধিক গোচৰ

বাক্সাত ‘ৰাষ্ট্ৰীয় লোক আদালত’ৰ জৰিয়তে ক্ষীপ্ৰ আৰু ব্যয়হীনভাৱে নিষ্পত্তি শতাধিক গোচৰ
Published on
Updated on

ডিজিটেল সংবাদ, বাক্সা : ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত তথা বাক্সা জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত শনিবাৰে বাক্সা জিলাৰ বাথৌফুৰিত থকা জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ চৌহদত বাক্সা আৰু তামুলপুৰ জিলাৰ বিভিন্ন গোচৰ নিষ্পত্তি কৰা হয় । ক্ষীপ্ৰ, ব্যয়হীন আৰু সৌহাদ্যপূৰ্ণ নিষ্পত্তি প্ৰক্ৰিয়াত উপস্থিত থাকে জিলা আৰু সত্ৰ ন্যায়াধীশ নইম উদ্দিন আহমেদ ।

এই ৰাষ্ট্ৰীয় লোক আদালতত বিজুলী বিভাগ, বেংক সম্পৰ্কীয়, যান-বাহন আইনৰ অধীনৰ গোচৰ তথা আদালতত থকা আপোচ কৰিব পৰা গোচৰ ইত্যাদিৰ লগতে পাৰিবাৰিক কন্দলজনিত গোচৰ, দেৱানী গোচৰ, চেক বাউঞ্চৰ গোচৰ ইত্যাদি নিষ্পত্তি কৰা হয় ।

এই লোক আদালতত ব্যয়হীন নিষ্পত্তিৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ৰাইজৰ সহায় হয় বুলি মন্তব্য কৰে বাক্সা জিলা আইন সেৱা প্ৰাধিকৰণ সচিব মনশ্ৰীপৰ্ণা খাউণ্ডে।

বাক্সাত ‘ৰাষ্ট্ৰীয় লোক আদালত’ৰ জৰিয়তে ক্ষীপ্ৰ আৰু ব্যয়হীনভাৱে নিষ্পত্তি শতাধিক গোচৰ
ঢকুৱাখনাত মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ জিলা নামঘৰৰ লাইখুঁটা স্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in