সপ্তমী পূজাত উদ্বোধন ওদালগুৰিৰ ৰাজহুৱা দুৰ্গা মণ্ডপৰ আটকধুনীয়া তোৰণ...

সপ্তমী পূজা উপলক্ষে উখল-মাখল ওদালগুৰিৰ পূজা মণ্ডপসমূহত

author-image
Asomiya Pratidin
New Update
সপ্তমী পূজাত উদ্বোধন ওদালগুৰিৰ ৰাজহুৱা দুৰ্গা মণ্ডপৰ আটকধুনীয়া তোৰণ...

সপ্তমী পূজাত উদ্বোধন ওদালগুৰিৰ ৰাজহুৱা দুৰ্গা মণ্ডপৰ আটকধুনীয়া তোৰণ...

ডিজিটেল সংবাদ ওদালগুৰিঃ আজি মহাসপ্তমী পূজা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ দুৰ্গা পূজা মণ্ডপসমূহতো মহাসপ্তমী উপলক্ষে ভক্তৰ ভিৰত উখল-মাখল পৰিৱেশে বিৰাজ কৰে। ওদালগুৰি চহৰৰ প্ৰায় ১০ খন পূজা মণ্ডপতে পুৱাৰ পৰা ভক্ত ৰাইজৰ ভিৰ পৰিলক্ষিত হয়।

পুৰোহিতৰ মন্ত্ৰৰে প্ৰতিখন পূজাস্থলীত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা দেখা যায়। ইফালে আজি সপ্তমীৰ দিনটোতে ওদালগুৰি চহৰৰ ৰাজহুৱা দুৰ্গা পূজা মণ্ডপৰ মূল তোৰণখন মুকলি কৰা হয়।

সমিতিৰ আহ্বানমৰ্মে ওদালগুৰিৰ বিশিষ্ট ব্যৱসায়ী সমাজকৰ্মী মিনন মোছাহাৰীয়ে নিজৰ স্বৰ্গীয় ভাতৃ অঞ্জালু মোছাহাৰীৰ সোৱৰণত প্ৰায় দহ লক্ষাধিক টকা ব্যয়সাপেক্ষে নিৰ্মিত তোৰণখন আজি ৰাইজৰ বাবে মুকলি কৰা হয়।

এই সন্দৰ্ভত মোছাহাৰীয়ে কয়, "এয়া মোৰ সৌভাগ্য। ওদালগুৰি ৰাজহুৱা দুৰ্গা পূজা মণ্ডপৰ মূল তোৰণখনৰ বহু প্ৰয়োজন আছিল। সমিতিখন যোৱাবেলি দুৰ্গা পূজাৰ সময়ছোৱাত মোক এই বিষয়ে অৱগত কৰাত মই নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলো। সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই আজি এই তোৰণখন নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰা হয়।"

ইফালে পূজা উদযাপন সমিতিয়েও তেওঁলোকৰ দীৰ্ঘদিনীয়া প্ৰয়োজন এটা পূৰ হোৱা বুলি উল্লেখ কৰি মোছাহাৰীক ধন্যবাদ জ্ঞাপন কৰে। ইফালে চহৰখনৰ কেইবাখনো পূজাস্থলীত আটকধুনীয়া কাৰুকাৰ্যৰে মণ্ডপ নিৰ্মাণ কৰা পৰিলক্ষিত হয়। একপ্ৰকাৰে ক'বলৈ গ'লে দুৰ্গা পূজা উপলক্ষে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে দুৰ্গা পূজা মণ্ডপসমূহত।

Also Read: অসমৰ প্ৰতি বিশেষ মৰম আছিল ৰতন টাটাৰ...

দুৰ্গা পূজা ওদালগুৰি