বড়ো বিজৌংনি ফাইখি যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ জন্মদিৱস পালন

বড়ো বিজৌংনি ফাইখি যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ জন্মদিৱস পালন
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং : বড়ো বিজৌংনি ফাইখি যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ জন্মদিৱসটি দেওবাৰে পালন কৰা হয়। উল্লেখ্য যে ১৯৫২ চনত চিৰাং জিলাৰ বাসুগাঁও চহৰত জন্মলাভ কৰিছিল তেঁও।

আনহাতে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সহকাৰী সম্পাদক, সাহিত্যিক পেঞ্চনাৰ, মুক্তিযুঁজাৰু হিচাপে অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰৰ পৰাও পেঞ্চন লাভ কৰিছিল যোগেন্দ্ৰ বসুমতাৰীয়ে। বড়ো বিজৌংনি ফাইখি (বড়ো ভাষাৰ সৈনিক) হিচাপে খ্যাতি অৰ্জন কৰা প্ৰয়াত যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ ১০৫ সংখ্যক জন্মদিৱসটি এক গাম্ভীৰ্য পৰিৱেশত পালন কৰা হয় ।

চিৰাং জিলাৰ বাসুগাঁও মহাবিদ্যালয়ৰ নিচেই কাষৰ নিজৌমপুৰীস্থিত প্ৰয়াত বসুমতাৰীৰ সমাধিস্থল তথা স্মৃতি উদ্যানত জন্মদিৱসটি অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানৰ কাৰ্য্যসূচীৰ মাজতে পুৱা ৯.০০ বজাত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰা হয়।

ইয়াৰ পাছতে বন্তিপ্ৰজ্বলন, প্ৰয়াত যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ স্মৃতি স্তম্ভত মাল্যৰ্পণ আদি কাৰ্যসূচী ৰূপায়ণ হয় । পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ সদস্য প্ৰাণেশ্বৰ বসুমতাৰীয়ে। আনহাতে বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে তেওঁ পত্নী ৰেণু বালা বসুমতাৰীয়ে ।

বড়ো বিজৌংনি ফাইখি যোগেন্দ্ৰ কুমাৰ বসুমতাৰী ন্যাসৰ উদ্যোগত অনুষ্ঠিত হোৱা দিৱসটিৰ আঁত ধৰে সম্পাদক ৰিপেন বসুমতাৰী আৰু বাসুগাওঁ প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ সভাপতি কামিনী বসুমতাৰীয়ে । অনুষ্ঠানটিত বড়ো সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ সদস্য বানেশ্বৰ বসুমতাৰী, চিৰাং জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰ্ত্তমানৰ উপদেষ্টা সুশীল কুমাৰ ব্ৰহ্ম, সভাপতি নগেন্দ্ৰ নাৰ্জাৰী, চিৰাং জিলা আবছুৰ সভাপতি দিলীপ বসুমতাৰীৰ উপৰি অঞ্চলৰ বিশিষ্ট ব্যক্তি আৰু বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ।

সকলোৰে সহায়-সহযোগত সফল সামৰণি পৰাত সন্তষ্টি প্ৰকাশ কৰে ন্যাসৰ সভাপতি শুকুৰসিং মুছাহাৰী আৰু সম্পাদক ৰিপেন বসুমতাৰীয়ে ।

বড়ো বিজৌংনি ফাইখি যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ জন্মদিৱস পালন
লোকসভা নিৰ্বাচন : পঞ্চম পৰ্যায়ত কোন সমষ্টিৰ পৰা কোন কোন হাইপ্ৰফাইল প্ৰাৰ্থী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in