সাংবাদিক নিগ্ৰহ : ওদালগুৰিত সাংবাদিকৰ অৱস্থান ধৰ্মঘট

সাংবাদিক নিগ্ৰহ : ওদালগুৰিত সাংবাদিকৰ অৱস্থান ধৰ্মঘট
Published on
Updated on

ডিজিটেল সংবাদ, ওদালগুৰি : সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে ওদালগুৰিত প্ৰতিবাদত বহিল সাংবাদিকসকল। ওদালগুৰি প্ৰেছ ক্লাৱৰ উদ্যোগত বাৰ্তাজীৱী সংঘ, বড়োলেণ্ড সাংবাদিক সন্থাৰ সহযোগত শনিবাৰে পুৱা ১০-৩০ বজাৰ পৰা ওদালগুৰি সাহিত্য সভা চৌহদত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

ইয়াৰ জৰিয়তে সাংবাদিক আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ভৱিষ্যৎ যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহয় তাক সকিয়নী দিয়ে। একেদৰে ওদালগুৰিত সংঘটিত সাংবাদিক আক্ৰমণ ঘটনাত জৰিত দুৰ্বৃত্ত‌ক গ্ৰেপ্তাৰৰ দাবী কৰে।

উল্লেখ্য যে যোৱা ১৭ আগষ্টত ওদালগুৰি চহৰত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। উক্ত পথ দূৰ্ঘটনাত থিতাতে নিহত হৈছিল এগৰাকী কলেজীয়া ছাত্ৰী।

উক্ত দুৰ্ঘটনাটোৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ ওদালগুৰিৰ সাংবাদিক অজয় কলিতাক একাংশ দুৰ্বৃত্ত‌ই বাতৰি সংগ্ৰহ কৰাৰ বাবে ঘটনাস্থলীত বেয়াকৈ প্ৰহাৰ কৰিছিল। দুৰ্বৃত্তৰ প্ৰহাৰত আনকি সাংবাদিকগৰাকীৰ ৰক্তক্ষয়ো হৈছিল।

ইয়াৰ পাছত দুৰ্বৃত্তৰ বিৰুদ্ধে ভুক্তভোগী সাংবাদিকগৰাকীৰ লগতে ওদালগুৰি প্ৰেছ ক্লাব, বাৰ্তাজীৱি সংঘ‌ই পৃথকে পৃথকে তিনিখনকৈ এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিত ওদালগুৰি আৰক্ষীয়ে ১৮ আগষ্টত 189(2)/117(2) of BNS 2023 নম্বৰত ৰুজু কৰিছিল এক গোচৰ।

ইফালে সমগ্ৰ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে নিশা ঘটনাত জৰিতৰ অভিযোগত কেইৱাগৰাকীও অভিযুক্তক আটক কৰা বুলি আৰক্ষীৰ এক সূত্ৰ‌ই জানিবলৈ দিয়ে।

সাংবাদিক নিগ্ৰহ : ওদালগুৰিত সাংবাদিকৰ অৱস্থান ধৰ্মঘট
মণিপুৰত বুজণ পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in