শিক্ষক দিৱসৰ প্ৰাকক্ষণত হাতিপোতা আঞ্চলিক হাইস্কুলত উত্তপ্ত পৰিস্থিতি...

বিদ্যালয়ত প্ৰবেশ কৰি ছাত্ৰ-ছাত্ৰীক প্ৰহাৰ উদণ্ড ব্যক্তিৰ
শিক্ষক দিৱসৰ প্ৰাকক্ষণত হাতিপোতা আঞ্চলিক হাইস্কুলত উত্তপ্ত পৰিস্থিতি...
শিক্ষক দিৱসৰ প্ৰাকক্ষণত হাতিপোতা আঞ্চলিক হাইস্কুলত উত্তপ্ত পৰিস্থিতি...
Published on
Updated on

ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙৰ কাজলগাঁৱৰ সমীপৰ হাতীপোতা আঞ্চলিক হাইস্কুলত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক দিৱস কাৰ্যসূচীৰ প্ৰস্তুতি চলাই থকাৰ সময়তে এক অনাকাংক্ষিত ঘটনা সংঘটিত হয়। যি ঘটনাক কেন্দ্ৰ কৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

অভিযোগ অনুসৰি আজি বিয়লিৰ ভাগত হাতীপোতা আঞ্চলিক হাইস্কুলত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক দিৱস কাৰ্যসূচীৰ প্ৰস্তুতি পৰ্ব চলাই থকাৰ সময়তে হাতীপোতা গাঁৱৰে পেচাত ট্ৰেক্টৰ চালক ইনামুৰ হক (৫০) নামৰ এজন ব্যক্তিয়ে অকৰ্তৃত্বশীল ভাবে বিদ্যালয় ভিতৰত প্ৰৱেশ কৰি প্ৰথমতে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি অশালীন ভাষাৰে গালি গালাজ কৰে। তাৰ পিছত ছাত্ৰীসকলক বিদ্যালয়ৰ পৰা খেদি পঠিয়াই দিয়ে।

ইয়াকে দেখি বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সম্পাদকে ব্যক্তিগৰাকীক কয় যে ''আমি প্ৰধানশিক্ষক গৰাকীৰ অনুমতি সাপেক্ষে শিক্ষক দিৱস উপলক্ষে শ্ৰেণীকোঠা সজোৱাৰ উপৰি ছাফাই কৰি আছো। ছাত্ৰীসকলে আমাক সহায় কৰি আছে। আপুনি কিয় আমাৰ কামত বাধা আৰোপ কৰিছে?''

ছাত্ৰ একতা সভাৰ সম্পাদকগৰাকীৰ এনে প্ৰশ্নক ইনামুৰ হক নামৰ ব্যক্তিজনে গুৰুত্ব নিদি পুনৰ অশালীন ভাষাৰে গালি গালাজ আৰম্ভ কৰাৰ উপৰিও ছাত্ৰীসকলক গছৰ ঠাৰি এডালেৰে খেদি খেদি প্ৰহাৰ কৰে।

অভিযোগ অনুসৰি ব্যক্তিজনৰ প্ৰহাৰত তিনিগৰাকী ছাত্ৰী আৰু দুজন ছাত্ৰ আঘাতপ্ৰাপ্ত হয়। ইপিনে ইনামুৰ হকৰ ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰাৰ এই ঘটনাক কেন্দ্ৰ কৰি হাতিপোতা গাঁৱত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

হাতীপোতা আঞ্চলিক হাইস্কুলৰ সমূহ ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ সৈতে হোৱা অন্যায়ৰ সুবিচাৰ বিচাৰি পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে। একাংশ উত্তেজিত ছাত্ৰ-ছাত্ৰীৰ উপৰিও স্থানীয় লোকে ইনামুৰ হকৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ আৰম্ভ কৰে ।

এই খবৰ লাভ কৰি কাজলগাঁও থানাৰ পৰা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত ইনামুৰ হকক আটক কৰি কাজলগাঁও থানালৈ লৈ যায়। ইপিনে বিদ্যালয়ৰ ক্ষোভিত শতাধিক ছাত্ৰ-ছাত্ৰী কাজলগাঁও থানাত উপস্থিত হৈ ইনামুৰ হকক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে।

আজিৰ এই অনাকাংক্ষিত ঘটনাত আহত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলেও উদণ্ড প্ৰকৃতিৰ ব্যক্তি ইনামুৰ হকৰ শাস্তিৰ দাবী কৰে । কাজলগাঁও থানাৰ আৰক্ষীয়ে আহত ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে ।

শিক্ষক দিৱসৰ প্ৰাকক্ষণত হাতিপোতা আঞ্চলিক হাইস্কুলত উত্তপ্ত পৰিস্থিতি...
বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনতকৈ হেনো বহু কাম কৰিছে ৰাজ্য চৰকাৰেঃ প্ৰকাশ কৰিব শ্বেটপত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in