জৰেগাঁৱত কিৰণ সংঘৰ উদ্যোগত কাতি বিহু উদযাপন...

প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকাৰ মৃত্যু দিৱস পালন
জৰেগাঁৱত কিৰণ সংঘৰ উদ্যোগত কাতি বিহু উদযাপন...
জৰেগাঁৱত কিৰণ সংঘৰ উদ্যোগত কাতি বিহু উদযাপন...
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং: প্ৰতি বছৰে পালন কৰি অহাৰ দৰে এইবেলিও জৰেগাঁও কিৰণ সংঘৰ উদ্যোগত কাতি বিহু উদযাপন কৰা হৈছে। এই উপলক্ষে ৰাতিপুৱা সংঘৰ পতাকা আৰু কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় হালধীয়া গামোচা উত্তোলন কৰা হয়।

জাতীয় হালধীয়া গামোচাখনক কৃষ্টিৰ পতাকা হিচাবে লৈ দীৰ্ঘ বছৰৰ পৰা উত্তোলন কৰি অহা হৈছে। সংঘৰ পতাকা উত্তোলন কৰে গাঁৱৰ বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তি তথা সংঘৰ প্ৰাক্তন সভাপতি সিদ্ধেশ্বৰ ৰায় আৰু কৃষ্টিৰ পতাকা উত্তোলন কৰে সংঘৰ সাংস্কৃতিক সম্পাদক যতীন ৰায়ে ।

সংঘৰ তিনিগৰাকী প্ৰয়াত প্ৰাক্তন প্ৰতিষ্ঠাপক চিলেট চন্দ্ৰ ৰায়, থানেশ্বৰ ৰায় আৰু কান্তেশ্বৰ ৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি স্মৃতি তৰ্পণ কৰা হয়। স্মৃতি তৰ্পণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে জৰেগাঁও নিৱাসী আক্ৰাছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি হেমেন ৰায়ে।

জৰেগাঁও কিৰণ সংঘৰ সভাপতি ভৃগু মুনি ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰয়াত বিশিষ্ট সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ ৩৭ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি তেওঁৰ জীৱন আলেখ্যৰ ওপৰত সাৱলীল-নিয়াৰিকৈ আৰু সকলোৰে মনোযোগ আকৰ্ষণ কৰি বক্তব্য আৰু গীতৰ কলি গুণগুণাই দিয়ে অঞ্চলৰ বিশিষ্ট সংগীত শিল্পী, সমাজকৰ্মী কলেন ৰায়ে।

মাজিন চন্দ্ৰ ৰায় আৰু বিশ্বনাথ ৰায়েও প্ৰয়াত জয়ন্ত হাজৰিকাৰ গীতৰ কলি আওৰোৱাৰ লগতে তেওঁৰ জীৱনৰ ওপৰত চমু বক্তব্য দাঙি ধৰে। গাঁৱৰ ঐক্য-একোতা, কৃষ্টি-সংস্কৃতি, শিক্ষা-দীক্ষাৰ বিকাশ-উন্নয়নৰ ওপৰত বক্তব্য দাঙি ধৰে গাঁৱৰ গাঁওবুঢ়া, সমাজকৰ্মী ৰূপনাথ ৰায় আৰু জগদীশ চন্দ্ৰ ৰায়ে ।

জৰেগাঁৱত কিৰণ সংঘৰ উদ্যোগত কাতি বিহু উদযাপন...
ঘৰৰ মাটিত ভাৰতৰ লজ্জাজনক প্ৰদৰ্শনঃ ৫ জনেই শূন্যত আউট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in