ডিজিটেল সংবাদ কোকৰাঝাৰঃ চিদলী সমষ্টিৰ উপ নিৰ্বাচনকলৈ এন ডি এ সমৰ্থিত প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক বিপুল ভোটত জয়ী কৰিবলৈ সমষ্টিৰ অন্তৰ্গত গাঁৱে-ভূঞে ব্যাপক নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ইউপিপিএল দল ৷ এই উপলক্ষে আজি চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ পুঠিয়াগাও, আনন্দবজাৰ আৰু ঢোলমাৰা অঞ্চলত প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ সমৰ্থনত প্ৰচাৰত নামি পৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিধায়ক লৰেঞ্চ ইছলাৰীয়ে৷
কোকৰাঝাৰ জিলাৰ তিনিটা স্থানত আজি নিৰ্বাচনী প্ৰচাৰত নামি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই সাংবাদিকৰ আগত চিদলীৰ উপ নিৰ্বাচনকলৈ চিন্তাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে ৷ তেও কয় চিদলীৰ উপ-নিৰ্বাচনকলৈ কোনোৱে শক্তি প্ৰদৰ্শন কৰিব অহা নাই৷ কিয়নো কোনো দলে ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীক পৰাজিত কৰাৰ লক্ষ্য লৈ নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱা নাই ৷
তেওঁলোক জিকাৰ অংকৰে নহয়, নিজ নিজ দলৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈহে প্ৰাৰ্থিত্ব আগবঢ়াইছে ৷ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই দাবী কৰা অনুসৰি চিদলী সমষ্টিত ইউপিপিএল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই প্ৰায় এক লাখ ভোটৰ ব্যৱৰ্ধানত জিকিব।
দিল্লী, দিছপুৰ আৰু বিটিআৰত শাসকীয় মিত্ৰজোঁটৰ চৰকাৰ চলি আহিছে, সেয়ে ভোটাৰ ৰাইজে কাক ভোট দিব লাগে ভালদৰে জানে। ভোটাৰ ৰাইজ বিৰোধীক ভোট দি ভুল নকৰে ৷ গতিকে সমাগত চিদলীৰ উপ নিৰ্বাচনত মিত্ৰজোটৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জিকিব বুলি দৃঢ়তাৰে দাবী কৰে মন্ত্ৰী ব্ৰহ্মই ৷
চিদলীৰ উপ নিৰ্বাচনকলৈ বিপিএফ দলে প্ৰমোদ বড়ো হাটাও, বিটিচি বাচাও শ্লোগান দি নিৰ্বাচনী প্ৰচাৰ চলোৱা প্ৰশংগতো মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কটাক্ষ কৰি কয়- এইটো ক'ত আৰু বিটিচিৰ নিৰ্বাচন ৷ বিধানসভা সমষ্টি চিদলীৰ উপ- নিৰ্বাচনহে৷ গতিকে বিপিএফ দলে নিৰ্বাচনত বহুবাৰ হাৰি গ'লেও বাৰে বাৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ বাবে হাগ্ৰামা মহিলাৰীৰ মনোবলক প্ৰশংসা কৰিবই লাগিব বুলিও কটাক্ষ কৰে মন্ত্ৰী ব্ৰহ্মই।
ৰাজ্যৰ পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনক লৈ বিজেপি দলে যি ৰণকৌশল অৱলম্বন কৰিছে তাৰ বাবে পাঁচখন আসনে এনডিএৰ পক্ষত থাকিব বুলি আশা ব্যক্ত কৰিছে মন্ত্ৰী ব্ৰহ্মই। ইপিনে কোকৰাঝাৰ সমষ্টিৰ বিধায়ক লৰেঞ্চ ইছলাৰীও আজি এনডিএৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ সপক্ষে তিনিটা স্থানত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলায় ।
কোকৰাঝাৰ জিলাত চিদলী সমষ্টিৰ ৩৬ হেজাৰ ভোটাৰ থকা বুলি মন্তব্য কৰি তেওঁ কয় যে চিদলীৰ উপ-নিৰ্বাচনৰ পৰিবেশ বহুত ভাল আৰু ইয়াত বিৰোধীৰ কোনো ধৰনৰ প্ৰচাৰ নাই ৷ এইক্ষেত্ৰত চিদলীৰ উপ নিৰ্বাচনত ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই ৮০ হেজাৰ ভোটৰ ব্যৱধানত জিকি যোৱাটো নিশ্চিত বুলি মন্তব্য কৰিছে লৰেঞ্চ ইছলাৰীয়ে।
ইপিনে এন ডি এৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই নিজৰ সমৰ্থনত প্ৰচাৰ চলাই চিদলী সমষ্টিত জয়ী হলে লাঙ্কাৰ চম্পাবৰ্তী আৰু কানামাক্ৰা নৈ’ৰ ওপৰত দলং নিৰ্মাণকে ধৰি ৰাইজৰ উন্নয়নৰ হকে কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷ আজি কোকৰাঝাৰ জিলাত নিৰ্বাচনী প্ৰচাৰত ইউপিপিএলৰ কাৰ্যবাহী সদস্য উকীল মুছাহাৰী,অগপ দলৰ উপ সভাপতি কৰ্ণ মোহন ৰায়, বিজেপি মণ্ডল সভাপতি ফৈলাও বৰগয়াৰী,নিৰ্বাচনী কৰ্নধাৰ সমিতিৰ মুখ্য আহ্বায়ক বিশ্বজিৎ বৰ্মণকে ধৰি বহু নেতা-কৰ্মী উপস্থিত আছিল ৷
Also Read: কোকৰাঝাৰত খচৰা ভোটাৰ তালিকা প্ৰকাশঃ ৫০৫৬ গৰাকী ভোটাৰ বৃদ্ধি...