বাক্সাৰ বেন্নাবাৰীত ভূমিকেন্দ্ৰিক সংঘাতঃ ভূমিৰ গৰাকীক বাসগৃহতে আক্ৰমণ....
বাক্সাৰ বেন্নাবাৰীত ভূমিকেন্দ্ৰিক সংঘাতঃ ভূমিৰ গৰাকীক বাসগৃহতে আক্ৰমণ....

বাক্সাৰ বেন্নাবাৰীত ভূমিকেন্দ্ৰিক সংঘাতঃ ভূমিৰ গৰাকীক বাসগৃহতে আক্ৰমণ....

মুছলপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল
Published on

ডিজিটেল সংবাদ বাক্সাঃ এক ভূমিকেন্দ্ৰিক ঘটনাই জোকাৰি গ'ল বাক্সা জিলাৰ এটি অঞ্চল ৷ জিলাখনৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেন্নাবাৰী গাঁৱৰ গীৰিশ হালৈয়ে সেই গাঁৱৰে আনটো চুবুৰীৰ আতৰ আলীক পূৰ্বতে খেতি কৰিবলৈ দিছিল যদিও এইবাৰ খেতি কৰিবলৈ নিদিয়াক লৈ সৃষ্টি হয় তৰ্ক-বিতৰ্কৰ।

তাকে লৈ গীৰিশ হালৈ আৰু আতৰ আলীৰ মাজত ৰাজপথতেই তৰ্ক-বিতৰ্ক হয়। পৰৱৰ্তী সময়ত এই তৰ্ক-বিতৰ্কই চূড়ান্ত ৰূপ ধাৰণ কৰে। ৰাজপথৰ বিতৰ্কৰ কিছু মুহূৰ্তৰ পাছতেই আতৰ আলীৰ তিনি পুত্ৰই গীৰিশ হালৈৰ বাসগৃহলৈ গৈ গীৰিশ হালৈৰ লগতে তেওঁৰ পত্নী পূৰ্ণিমা হালৈকো শাৰীৰিক আক্ৰমণ কৰে।

এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ বেন্নাবাৰী অঞ্চল। ঘটনাৰ পিছতেই গীৰিশ হালৈয়ে মুছলপুৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ কৰিছে। আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ সৈতে এতিয়া থিয় হৈছে সমগ্ৰ গাওঁবাসী। অতিশীঘ্ৰে আক্ৰমণকাৰীক আটক কৰাৰ দাবী ভুক্তভোগীৰ।

বাক্সাৰ বেন্নাবাৰীত ভূমিকেন্দ্ৰিক সংঘাতঃ ভূমিৰ গৰাকীক বাসগৃহতে আক্ৰমণ....
দয়ানন্দ শ্বাহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in