চিৰাঙত ড্ৰোণেৰে ভূমি জৰীপঃ কৰ্ণাটকৰ খবৰ নাজানে প্ৰমোদ বড়োৱে...

চিৰাঙত ড্ৰোণেৰে ভূমি জৰীপঃকৰ্ণাটকৰ খবৰ নাজানে প্ৰমোদ বড়োৱে...

author-image
Asomiya Pratidin
New Update
চিৰাঙত ড্ৰোণেৰে ভূমি জৰীপঃ কৰ্ণাটকৰ খবৰ নাজানে প্ৰমোদ বড়োৱে...

চিৰাঙত ড্ৰোণেৰে ভূমি জৰীপঃকৰ্ণাটকৰ খবৰ নাজানে প্ৰমোদ বড়োৱে...

ডিজিটেল সংবাদ চিৰাংঃ বি টি চি এলেকাত ভূমি সমস্যা সমাধান কৰাৰ লক্ষ্যৰে বি টি চি প্ৰশাসনৰ ভূমি আৰু ৰাজহ বিভাগৰ উদ্যোগত শনিবাৰে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বেংতল ৰাজহচক্ৰ এলেকাত অত্যাধুনিক পদ্ধতিৰ ড্ৰোণ ব্যৱহাৰ কৰি ভূমি জৰীপৰ কামৰ আজি শুভাৰম্ভ কৰা হয়। উত্তৰ ৰুণীখাতাত আজি এক ৰাজহুৱা সভাৰ জৰিয়তে অত্যাধুনিক ড্ৰোণ বুটাম টিপি ভূমি জৰীপৰ কামৰ শুভাৰম্ভ কৰে বি টি চিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই।

তাৰ পিছত পিছত ভাষণত প্ৰসঙ্গত প্ৰমোদ বড়োই কয় যে, বি টি চি এলেকাত চলি থকা ভূমি সমস্যা সমাধান কৰাৰ লক্ষ্যৰে বি টি চি প্ৰশাসনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে ভূমি মেলাৰ আয়োজন কৰি তাৰ জৰিয়তে ৪০ হেজাৰ পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰা হৈছে । আগন্তুক সময়ত বি টি আৰ এলেকাৰ ৮০ শতাংশ ভূমিৰ সমস্যা সমাধান কৰাৰ লক্ষ্যৰে ইউ পি পি এল দলৰ চৰকাৰে কাম কৰি যাব ।

তদুপৰি মাত্ৰ দুটা বছৰত চাৰি সহস্ৰাধিক নিবনুৱা যুৱক -ৱতীক চাকৰীৰ নিযুক্তি প্ৰদান কৰা হৈছে , আগন্তুক সময়ত আৰু পাঁচ সহস্ৰাধিক যুৱক-যুৱতীক চাকৰি দিয়াৰ পৰিকল্পনা যুগুত কৰা হৈছে বুলি ভাষণত উল্লেখ কৰে। চলিত মাহতে বি টি আৰ এলেকাৰ ৩৮০০ আত্মসহায়ক গোটৰ মাজত একালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰা হ'ব।

বি টি আৰ অঞ্চলৰ খেতিয়কসকলৰ কথা চিন্তা কৰি তেওঁলোকৰ সুবিধাৰ্থে অব্যৱহৃত হৈ থকা জলসিঞ্চনৰ প্ৰকল্প আৰু আঁচনিসমূহ পুনৰ কাৰ্য্যক্ষম কৰা হ'ব বুলি ঘোষণা কৰে। বিপিএফ দলে ১৭ টা বছৰ কেৱল দাদাগিৰি, টকা আৰু মদৰ ৰাজনীতি কৰি গৈছে এতিয়া আৰু কৰিব নোৱাৰে।

ৰাইজে এতিয়া বুজি উঠিছে তেওঁলোকে যিমানে চেষ্টা নকৰক কিয় অহা বিশ বছৰত বিপিএফ দল আৰু বিটিচিৰ শাসনত আহিব নোৱাৰে বুলি মন্তব্য কৰে প্ৰমোদ বড়োয়ে। ইপিনে আজি কৰ্ণাটকৰ নিৰ্বাচনত ফলাফলৰ বিজেপি দলৰ শোচনীয় পৰাজয় আৰু কংগ্ৰেছ দলৰ জয়ৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নোত্তৰত বিটিচি প্ৰধান প্ৰমোদ বড়োই অদ্ভুত মন্তব্য কৰি কয় যে, মোক চৰাই খেদিবলৈ যিডাল লাঠি দিছে, সেই লাঠি বহুত সৰু হয়। কৰ্ণাটক গৈ নাপায় গতিকে কৰ্ণাটকৰ কথা মোক সুধি লাভ নাই। মোক ইয়াৰ কথা সোধক।

তেওঁ কয়, অসমত কোনো বিৰোধী দল আগবাঢ়িব নোৱাৰে আৰু কোনো পৰিবৰ্তন আনিবও নোৱাৰে। কাৰণ বৰ্তমান ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে তাত কোনো কাৰণতে পৰিবৰ্তন আনিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ শাসন ব্যৱস্থা দি আছে আৰু সেই শাসন ব্যৱস্থাক প্ৰত্যাহ্বান জনাব পৰাকৈ এতিয়া কোনা নাই বুলি প্ৰমোদ বড়োৱে মন্তব্য কৰে ।

আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে বিটিচি প্ৰশাসনৰ ভূমি আৰু ৰাজহ বিভাগৰ সচিব তথা ভূমিলেক্ষ্য সঞ্চালক ধীৰাজ সাউদে কয় যে, দেশৰ স্বাধীনতাৰ পিছত বেংতল ৰাজহচক্ৰৰ তিনিখন গাঁৱৰ জৰীপ হোৱা নাছিল। যাৰ কাৰণে উত্তৰ ৰুনীখাতা, মদাতী আৰু পশ্চিম গোলাঝাৰ গাঁৱৰ ৰাইজ ভূমি ক্ৰয়-বিক্ৰয় বা উত্তৰাধিকাৰীৰ নামত নামজাৰি আদি কৰি বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। যাৰ কাৰণে বিটিচি প্ৰশাসনৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ নিৰ্দেশত এই তিনিখন গাঁৱত অত্যাধুনিক ড্ৰোণ ব্যৱহাৰ কৰি জৰীপৰ কাম কৰা হ'ব।

তাৰ পিছত পৰ্য্যায়ক্ৰমে চিৰাং জিলাৰ কাজলগাঁও আৰু বিজনী মহকুমাৰ অন্তৰ্গত বনগাঁওসমূহতো জৰীপৰ কাম কৰা হ'ব বুলি সদৰি কৰে। আজিৰ এই ভূমি জৰীপৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, কাৰ্য্যবাহী সদস্য উইলছন হাছদাই তেওঁলোকৰ ভাষণত ১৭ বছৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত পৰিষদীয় চৰকাৰখনে প্ৰতিবছৰে নিৰ্বাচনৰ প্ৰাকমূুহূৰ্ত্তত ভূমিৰ সমস্যা দূৰ কৰি ৰাইজক ভূমি পট্টা দিয়া হ'ব বুলি কেৱল ভাষণত ঘোষণা কৰিছি বুলি উল্লেখ কৰি কয়, নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত হাগ্ৰামা মহিলাৰীয়ে সকলো পাহৰি পেলাইছিল।

কিন্তু প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল দলে নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ভূমি সংক্ৰান্তত চলি থকা সমস্যাসমূহ সমাধান কৰি ৰাইজৰ হকে কাম আৰম্ভ কৰিছে । কিন্তু প্ৰমোদ বড়োৰ চৰকাৰৰ এই ভাল কামখিনিক বিপিএফ দলৰ একাংশ নেতাই ৰাইজক ভুলপথে পৰিচালিত কৰি আজিৰ এই অনুষ্ঠানত ৰাইজক যোগদান কৰিবলৈ বাধা প্ৰদান কৰাৰ কথা ভাষণত উল্লেখ কৰে ।

ইউপিপিএল দলে জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে ৰাইজৰ হকে কাম কৰি যাব বুলি ভাষণত উল্লেখ কৰে । আজিৰ এই অনুষ্ঠানত চিৰাং পৰিষদীয় সমষ্টিৰ পাৰিষদ অমৰ বসুমতাৰী, পাৰিষদ তথা ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰী, ইউপিপিএলৰ জিলা সম্পাদক অমৰ সিং ব্ৰহ্ম, প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰীসহ বিটিচিৰ অন্যান্য বিষয়া কৰ্মচাৰী উপস্থিত থাকে । আজি অনুষ্ঠান সঞ্চালনা কৰে বেংতল ৰাজহচক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাই ।

Also Read: আজিৰে পৰা আৰম্ভ হৈছে এৰাঢল জ্যোতিনগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন...

চিৰাঙ বি টি আৰ প্ৰমোদ বড়ো