সুৰা মাফিয়া প্ৰদীপ মাহতো আৰু মুকেশ চৌধুৰীক গ্ৰেপ্তাৰ...

সুৰা মাফিয়া প্ৰদীপ মাহতো আৰু মুকেশ চৌধুৰীক গ্ৰেপ্তাৰ...

বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিলে কোকৰাঝাৰ আৰক্ষীয়ে
Published on

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ভেজাল সুৰা প্ৰস্তুতকাৰী দুই সুৰা মাফিয়া ক্ৰমে বঙাইগাঁৱৰ প্ৰদীপ মাহতো আৰু মুকেশ চৌধুৰীক অৱশেষত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰ আৰক্ষীয়ে। শুকুৰবাৰে বঙাইগাঁও আৰক্ষীৰ সহযোগত বঙাইগাঁওৰ পৰাই কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰে প্ৰদীপ মাহতো আৰু মুকেশ চৌধুৰীক । আটক কৰাৰ পিছতেই অভিযুক্তদ্বয়ক কোকৰাঝাৰ সদৰ থানালৈ অনা হয় আৰু আজি অভিযুক্তদ্বয়ক আদালতত হাজিৰ কৰে।

উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ বিছমুৰীৰ ৩১ নং (গ )ৰাষ্ট্ৰীয় ঘাইপথৰ নিলগৰ বিছমুৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত সমৰপুৰত যোৱা ২৩ জুনত গুৱাহাটীৰ আৱকাৰী বিভাগৰ এটি দলে অতি গোপনে ভেজাল সুৰা প্ৰস্তুতকাৰী ফেক্টৰী এটা উৎখাত কৰাৰ লগতে ভেজাল সুৰা নিৰ্মানত ব্যৱহৃত ২০০০ লিটাৰৰ কণ্টেইনাৰ, ৫১ হাজাৰ নকল হলোগ্ৰাম, অফিচাৰ্চ ছইছ, মেক্ ডুবেল, হুইস্কি আদিকে ধৰি বহু ব্ৰেণ্ডৰ সাঁফৰ ৯৫২০০ টা, গ্লাছ বটল ৩৫৮৫০ টা, পেট বটল ১০২০০ টা, ৬ হাজাৰ মনোকাৰ্টন, প্লাষ্টিকৰ ষ্টৰেজ ৪০০০ লিটাৰ আদিকে কৰি বহু সামগ্ৰী জব্দ কৰিছিল।

উক্ত বৃহৎ পৰিমানৰ সামগ্ৰী জব্দ কৰাৰ পিছতেই কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা 120(B)/ 270/ 472/ 307/ 328 আৰু অসম আৱকাৰী আইনৰ RW Sec 53(1)(a) মৰ্মে এক গোচৰ (নং ১৪৭/২৪) ৰজু হৈছিল। ভেজাল সুৰা প্ৰস্তুতকাৰীসকলক আৰক্ষীয়ে আটক কৰিবলৈ অভিযান চলাই আছিল আৰু শুকুৰবাৰে দুই মূল অভিযুক্ত ক্ৰমে প্ৰদীপ মাহতো আৰু মুকেশ চৌধুৰীক কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ।

কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) পৃথ্বিৰাজ ৰাজখোৱাৰ পৰ্যবেক্ষণত ভেজাল সুৰা প্ৰস্তুতকাৰী মাফিয়া দলটোৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীয়ে অভিযান চলাইছিল আৰু অৱশেষত সফলতা লাভ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে আজি অভিযুক্তদ্বয়ক আদালতত হাজিৰ কৰাই ১০ দিনৰ আৰক্ষী জিন্মালৈ বিচাৰে যদিও আদালতে অভিযুক্তদ্বয়ক তিনি দিনৰ আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰে। অৱশ্যে বৰ্তমানলৈকে অবৈধ সুৰা কাৰখানাটোৰ মূল নায়ক সৌমদৌন বসুমতাৰী ওৰফে ধনজয় এতিয়াও পলাতক অৱস্থাত আছে।

সুৰা মাফিয়া প্ৰদীপ মাহতো আৰু মুকেশ চৌধুৰীক গ্ৰেপ্তাৰ...
বঙাইগাওঁ চিভিল হাস্পতালত পুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰ,অক্সিজেন গেছ উৎপাদন প্ৰকল্প উদ্বোধন...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in