প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাঃ চিৰাঙত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত কোটি টকা লুণ্ঠন...

দৰিদ্ৰ, শ্ৰমজীৱিৰ লোকৰ কষ্টোপাৰ্জিত প্ৰায় দুই কোটি লুট কৰি পলায়ন প্ৰবঞ্চকৰ
প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাঃ চিৰাঙত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত কোটি টকা লুণ্ঠন...
Published on
Updated on

ডিজিটেল সংবাদ চিৰাং: জিলা প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি চিৰাঙৰ ঢালিগাঁও এলেকাত পুনৰ একাংশ দুষ্ট চক্ৰই ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি দুখীয়া তথা শ্ৰমজীৱি লোকসকলৰ কষ্টোপাৰ্জিত ধন লুন্ঠন কৰি পলায়ন কৰাৰ ঘটনা পোহৰলৈ আহিছে। প্ৰাপ্ত খবৰ অনুসৰি জিলা সদৰ কাজলগাঁও থানাৰ অন্তৰ্গত হাছলাবাৰী গাঁৱৰ জনৈক হবিবুল্লা নামৰ এজন প্ৰবঞ্চকে কেইবাটাও ভিন্ন নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি দুখীয়া দৰিদ্ৰ লোকৰ প্ৰায় দুই কোটি টকা লুন্ঠন কৰি পলায়ন কৰিছে ।

এই ভুৱা বিত্তীয় প্ৰতিষ্ঠানত কষ্টোপাৰ্জিত ধন জমা থৈ এতিয়া সৰ্বশ্ৰান্ত হোৱা ভুক্তভোগী লোকে সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে হাছলাবাৰী গাঁৱৰ বাসিন্দা তথা ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ মালিক হবিবুল্লা নিজেই আৰু তেওঁৰ কিছু এজেণ্টৰূপী দালালৰ হতুৱাই ঢালিগাঁও, ছাতিপুৰ, হাছলাবাৰী, বৰতালোৱা এলেকাৰ গৰীব দুখীয়া, দৈনিক হাজিৰা কৰা শ্ৰমিক,ৰাজমিস্ত্ৰী, বাহনচালক, ক্ষুদ্ৰ পানদোকানী সকলক বিভিন্ন প্ৰলোভন দি নিষ্ট নিধি লিমিটেড, ক্ষুদ্ৰ সঞ্চয় নিধি লিমিটেড আদি কৰি বিভিন্ন নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানত দৈনিক হিচাপত টকা জমা কৰিছিল ।

ইপিনে জমা কৰা ধন নিৰ্দিষ্ট সময়ত আনিবলৈ গ'লে প্ৰবঞ্চক হবিবুল্লা আৰু তেওঁৰ ধূৰ্ত এজেণ্টসকলে বিভিন্ন কথাৰ আচিলাৰে লোকসকলক ঘূৰাই পঠিয়াইছিল। তাৰ পিছত যেতিয়া জমাকাৰী সকলে নিজৰ কষ্টোপাৰ্জিত ধন বিচাৰি গৈ দিনৰ পিছত দিন খালী হাতে উভতি অহাৰ পিছত জমাকাৰীসকলে এদিন একগোট হৈ প্ৰবঞ্চক হবিবুল্লাৰ হাছলাবাৰীস্থিত বাসগৃহলৈ যোৱাত জানিব পাৰে যে জমাকাৰী সকলৰ প্ৰায় দুই কোটি টকা লৈ প্ৰবঞ্চক হবিবুল্লা ইতিমধ্যেই পলায়ন কৰিছে ।

পলায়ন কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ধন জমাকাৰী ভুক্তভোগী লোকসকলৰ মাজত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। আজি ভুক্তভোগী লোকসকলৰ এটা দল কাজলগাঁও সদৰ থানাত উপস্থিত হৈ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ মালিক তথা প্ৰবঞ্চক হবিবুল্লাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে ।

কাজলগাঁও থানাৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি উক্ত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত লোকসকলৰ সন্ধানত নামি পৰিছে। বাতৰি যুগুত কৰা পৰ্যন্ত এই ঘটনা সন্দৰ্ভত কোনো লোকক আটক কৰা নাই।

উল্লেখ্য যে বিগত বছৰতো চিৰাং জিলাৰ এই ঢালিগাঁও অঞ্চলৰ বান্ধুগুৰী গাঁৱৰ মইজউদ্দিন শ্বেখ নামৰ আন এজন প্ৰবঞ্চকে অনুৰূপ ধৰনৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত কেইবা কোটি টকাৰ লুন্ঠন কৰি পলায়ন কৰাৰ ঘটনা সংঘটিত হৈছিল । ভুক্তভোগীসকলে কাজলগাঁও থানাত এজাহাৰ দাখিল কৰিছিল।

দুৰ্ভাগ্যজনক কথা তদানীন্তন কাজলগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনৰ ৰহস্যজনক ভূমিকাৰ কাৰণে উক্ত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে জড়িত এজনো অভিযুক্তক আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই বা ভুক্তভোগী সকলৰ কষ্টোপাৰ্জিত ধনখিনি ঘূৰাই দিয়াৰ কোনো ব্যবস্থাই গ্ৰহণ কৰা নাই ।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যোৱা বছৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত কোটি কোটি টকা লুন্ঠন কাৰ্য্য চলাই পলায়ন কৰিলে তাৰ পিছতো আৰক্ষীয়ে অভিযুক্তসকলৰ বিৰুদ্ধে কোনো ধৰনৰ দৃষ্টান্তমূলক ব্যবস্থা গ্ৰহণ নকৰাৰ বাবেই আজি ঢালিগাঁও অঞ্চলত পুনৰ একাংশ প্ৰবঞ্চকে ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি দুখীয়া, দৰিদ্ৰ লোকসকলক প্ৰবঞ্চনাৰে লুন্ঠন কৰাৰ সাহস পাইছে বুলি ভুক্তভোগী তথা ৰাইজে অভিযোগ উত্থাপন কৰিছে।

প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাঃ চিৰাঙত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ নামত কোটি টকা লুণ্ঠন...
শ্বেইখ হাছিনাৰ USA ৰ ভিছা বাতিলঃ বাংলাদেশৰ সেনা বাহিনীত ব্যাপক ৰদবদল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in