ভগ্ন গৃহৰ কাষত বৃদ্ধৰ উচুপনিঃ নিশাৰ ভিতৰতে শেষ হৈ গ'ল সকলো...

ভগ্ন গৃহৰ কাষত বৃদ্ধৰ উচুপনিঃ নিশাৰ ভিতৰতে শেষ হৈ গ'ল সকলো...
ভগ্ন গৃহৰ কাষত বৃদ্ধৰ উচুপনিঃ নিশাৰ ভিতৰতে শেষ হৈ গ'ল সকলো...
Published on
Updated on

ডিজিটেল সংবাদ তামুলপুৰঃ তামুলপুৰৰ ভাৰত -ভূটান সীমান্তৱৰ্তী অঞ্চলত পুনৰ বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰবেশ কৰি প্ৰতি নিশাই বন্যহস্তীয়ে নষ্ট কৰিছে কৃষকৰ শস্য পথাৰ। হাতীৰ উপদ্ৰৱত নষ্ট হৈছে তামোলৰ বৃহৎ বাগান।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকটোৱে হাতিডুবা, চন্দ্ৰনগৰ, বগৰিখুঁটি, ১ নং ডোঙাৰগাঁওকে ধৰি কেইবাখনো গাঁৱত নিশা হ’লেই প্ৰৱেশ কৰি আতংকৰ সৃষ্টি কৰে। ফলত উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে স্থানীয় লোকসকলে।

দেওবাৰে নিশাও তামুলপুৰৰ ১ নং ডোঙাৰগাঁওত বন্য হস্তীৰ এটা জাকে এগৰাকী বৃদ্ধ অন্ধ লোকৰ চৰকাৰী আৱাহ গৃহ ভাঙি ধ্বংস কৰিলে। ইয়াৰোপৰি এই হাতীৰ জাকটোৱে ২০০ ৰো অধিক তামোল গছ ভাঙি পেলায়। বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে সম্প্ৰতি কেইবাটাও ভাগত ভাগ হৈ এইদৰে খাদ্যৰ সন্ধানত প্ৰতিদিনেই প্ৰৱেশ কৰিছে ন ন অঞ্চলত।

ভগ্ন গৃহৰ কাষত বৃদ্ধৰ উচুপনিঃ নিশাৰ ভিতৰতে শেষ হৈ গ'ল সকলো...
'সাদিন প্ৰতিদিন'ৰ কাৰ্যালয়ত মনজিৎ মহন্তক শেষ শ্ৰদ্ধাঞ্জলি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in