বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তিনিজনীয়া উচ্চ পৰ্যায়ৰ তদন্তকাৰী দলক সাক্ষাৎ দল- সংগঠনৰ

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তিনিজনীয়া উচ্চ পৰ্যায়ৰ তদন্তকাৰী দলক সাক্ষাৎ দল- সংগঠনৰ
Published on
Updated on

ডিজিটেল সংবাদ, কোকৰাঝাৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ খেলিমেলিৰ তদন্ত কৰিবলৈ ৰাজ্যপালে গঠন কৰি দিয়া ৩জনীয়া উচ্চ পৰ্যায়ৰ তদন্তকাৰী দলটো মঙলবাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ত উপস্থিত হয় । উক্ত ৩জনীয়া উচ্চ পৰ্যায়ৰ তদন্তকাৰী দলটোক আজি বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীৰ নেতৃত্বত এবছু , বিটিআৰ আক্ৰাছু , এবিএমছু , ৰাভা ছাত্ৰ পৰিষদ আদিকে ধৰি কেবাটাও দল -সংগঠনে সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে।

স্মাৰকপত্ৰত দল-সংগঠনসমূহে বড়োলেণ্ড বিশ্ববিদ্যালৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙক অপসাৰণৰ দাবী তুলি নতুন উপাচাৰ্য নিযুক্তি দিবলৈ দাবী জনায়। বড়োলেণ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ পৰা আৰম্ভ কৰি আন্ত:গাঁথনি নিৰ্মাণ কৰালৈকে সকলোতে দুৰ্নীতি হৈছে বুলি মন্তব্য কৰি অপৰাধজনিত কাৰবাৰত লিপ্ত থকা উপাচাৰ্য লাইশ্ৰাম লাডু সিঙক সোনকালে অপসাৰণ কৰিব লাগে বুলি মন্তব্য কৰে ।

সময়মতে পৰীক্ষা পাতিব নোৱাৰা, ফলাফল প্ৰকাশ কৰিব নোৱাৰা বড়োলেণ্ড বিশ্ববিদ্যালৰ পূৰ্বৰ ঐতিহ্য ঘূৰাই অনাৰ দাবী তুলি দল-সংগঠনসমুহে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশেষ উদ্যোগ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তিনিজনীয়া উচ্চ পৰ্যায়ৰ তদন্তকাৰী দলক সাক্ষাৎ দল- সংগঠনৰ
মানাহ ব্যাঘ্র প্রকল্পৰ ক্ষেত্র সঞ্চালক ড০ বৈভৱ চি মাথুৰক বদলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in