ডিজিটেল সংবাদ, বৰমা: অসমৰ এখন চৰকাৰী বিদ্যালয়ে গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ। জানিব পৰা মতে বাক্সা জিলাৰ অন্তৰ্গত মুছলপুৰ মহকুমাৰ অধীনত থকা টিহু-বৰমা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত আলাগজাৰ প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাতৃসকলে বিদ্যালয় পৰিচালনা সমিতিৰ গধুৰ দায়িত্ব গ্ৰহণ কৰিছে।
উক্ত বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী আৰু উপ সভানেত্ৰীৰ আসনকে ধৰি মুঠ ১২ টা পদবীত ছাত্ৰ-ছাত্ৰী সকলৰ মাতৃসকলে নিজে আগুৱাই আহি গ্ৰহণ কৰে পদবীবোৰ। উল্লেখ্য যে বিদ্যালয় পৰিচালনা সমিতিৰ বিষয় ববীয়াসকলৰ প্ৰায়ে স্নাতক, হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক উৰ্ত্তীণ হোৱা মহিলা। কামত হেলা নকৰা বড়ো মহিলাসকলে এনেদৰে চৰকাৰী বিদ্যালয়ৰ পৰিচালনা সমিতি গধুৰ দায়িত্ব গ্ৰহণ কৰিবলৈ অহা কামটো চৰকাৰী বিদ্যালয়লৈ সুখৰ বতৰা আৰু জাগৰণ অনা বুলি অঞ্চলৰ বহু সচেতন লোকে মত পোষণ কৰিছে ।
Also Read: ২১ দিনে মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ্থী