ৰহস্যজনকভাৱে সন্ধানহীন শিষ্ট সূত্ৰধৰ : পৰিয়ালৰ মাজত হাহাকাৰ

ৰহস্যজনকভাৱে সন্ধানহীন শিষ্ট সূত্ৰধৰ : পৰিয়ালৰ মাজত হাহাকাৰ
Published on
Updated on

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ ছালাকাটি নিৱাসী শিষ্ট সূত্ৰধৰ(৫৭) যোৱা ৩১ আগষ্টৰ পৰাই নিখোজ হৈ থকা ঘটনাই পৰিয়াললৈ দুঃ চিন্তা কঢ়িয়াই আনিছে। শিষ্ট সূত্ৰধৰক বিচাৰি পৰিয়ালৰ লোকে আত্মীয়-স্বজ্জন তথা বিভিন্ন স্থানত বিচাৰ-খোচৰ কৰিছে যদিও এতিয়ালৈকে কোনো সন্ধান লাভ কৰা নাই।

ইতিমধ্যে পৰিয়ালৰ লোকে শিষ্ট সূত্ৰধৰ সন্ধানহীন হোৱা ঘটনাটো বিদ্যাপুৰ আৰক্ষী চকীত অৱগত কৰিছে। জানিব পৰা মতে যোৱা ৩১ আগষ্টৰ দিনা শিষ্ট সূত্ৰধৰে চিৰাং জিলাৰ বিদ্যাপুৰ চেংমাৰীৰ পৰা ছালাকাটিলৈ আহি থাকোতে মাজ ৰাস্তাৰ পৰাই সন্ধানহীন হয় ।

পেচাত শ্ৰমিক শিষ্ট সূত্ৰধৰৰ নিৰুদ্দেশ ৰহস্যজনক বুলি বিবেচিত হৈছে। কাৰো সতে শত্ৰুতা নথকা অমায়িক স্বভাৱৰ শিষ্ট সূত্ৰধৰৰ নিৰুদ্দেশত পৰিয়ালৰ লোকসকল দিশহাৰা হৈ পৰিছে। কি কাৰণত, কেনেকৈ , কিয় শিষ্ট সূত্ৰধৰ নিখোজ হৈ পৰিল তাৰ উত্তৰ বিচাৰি পৰিয়ালৰ লোকে হাবাথুৰি খাইছে। 

পিন্ধনত গামোচা আৰু নীলা ৰঙৰ চোলা , ৫ ফুট ৯ ইঞ্চি উচ্চতা, বৰণ বগা আৰু কেৱল অসমীয়া ভাষা ক’ব পৰা শিষ্ট সূত্ৰধৰৰ সন্ধান পালে নিকটবৰ্তী থানা নাইবা ৬০০০৬৮৬৫২৭ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে।

ৰহস্যজনকভাৱে সন্ধানহীন শিষ্ট সূত্ৰধৰ : পৰিয়ালৰ মাজত হাহাকাৰ
দুবাৰকৈ ডিব্ৰুগড় আৰক্ষীয়ে খবৰ দিয়াৰ পাছতো চুমিক বিচাৰি অভিযান চলোৱা নাছিল মহানগৰ আৰক্ষীয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in