নাথ যোগীসকলক জানজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীঃ ছহিদ দিৱসৰ কাৰ্যসূচীত অসমীয়া জাতি নিৰ্মাণৰ আহ্বান তাছাৰ

ছহিদ মনবৰ নাথৰ স্মৃতিত চিকিৎসা মহাবিদ্যালয় নামাকৰণৰ দাবী
নাথ যোগীসকলক জানজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীঃ ছহিদ দিৱসৰ কাৰ্যসূচীত অসমীয়া জাতি নিৰ্মাণৰ আহ্বান তাছাৰ
নাথ যোগীসকলক জানজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীঃ ছহিদ দিৱসৰ কাৰ্যসূচীত অসমীয়া জাতি নিৰ্মাণৰ আহ্বান তাছাৰ
Published on
Updated on

ডিজিটেল সংবাদ কোকৰাঝাৰঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ অংশ হিচাবে ঢেকিয়াজুলি থানা চৌহদত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ মনবৰ নাথে ছহিদ হ'বলগীয়া হৈছিল। দেশৰ স্বাধীনতাৰ হকে চৰম বলিদান তথা ত্যাগ স্বীকাৰ কৰা ছহিদ জনাৰ পবিত্ৰ স্মৃতিত সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাই প্ৰতিবছৰে কেন্দ্ৰীয় ভাবে "ছহিদ দিবস" আৰু "জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ" বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰি আহিছে।

এই বেলি ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত শালকোছা পৰ্শনপৰা দেউল মন্দিৰ প্ৰাংগনত "ছহি দিৱস" কেন্দ্ৰীয়ভাৱে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰে নাথ যোগী ছাত্ৰ সন্থাই। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি অৰবিন্দ নাথে।

নাথ-যোগী সাংস্কৃতিক পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি লক্ষেশ্বৰ নাথে। ইয়াৰ পাছতে ছহিদ তৰ্পন,জাতীয় ছহিদ মনবৰ নাথৰ প্ৰতিচ্ছবিত মাল্যৰ্পন, যোগী গুৰু গোৰক্ষ নাথৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু গছ পুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

পুৱা ১০ বজাত নাথ-যোগীৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰা উদ্বোধন কৰে অভিনেত্ৰী অনন্যা কাশ্যপে। শোভাযাত্ৰাকাৰীসকলে শালকোছাৰ বিভিন্ন অঞ্চল পৰিভ্ৰমন কৰি পুনৰ ছহিদ দিৱসৰ বাকৰিত উপস্থিত হৈ শোভাযাত্ৰাৰ সামৰণি পেলায়।

দিনৰ ১২ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক নাথে বন্তি প্ৰজ্বলনৰে মুকলি সভাৰ উদ্বোধন কৰে। সন্থাৰ সভাপতি অৰবিন্দ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো, কেএচি'ৰ মুখ্য কাৰ্যবাহী পাৰিষদ জীবেশ ৰায়, মৰাণ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ অৰুণজ্যোতি মৰাণকে ধৰি বিভিন্ন সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰি জাতীয় ছহিদ জনৰ জীৱনা দৰ্শনৰ ওপৰত বৌদ্ধিক আলোচনা আগবঢ়ায়।

তাৰোপৰি ছহিদ জনৰ স্মৃতি যুগমীয়া কৰাৰ বাবে জীৱনাদৰ্শনৰ ওপৰত হাত পুথি যুগুত কৰি উলিয়াই নৱপ্ৰজন্মৰ হাতত তুলি দিয়াৰো বক্তা সকলে পোষকতা কৰে। ইপিনে সভাত উপস্থিত থকা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে শীঘ্ৰে নাথ-যোগী জনগোষ্ঠীটোৰ ওপৰত ভিচন ডকুমেন্ট' নিৰ্মাণ কৰিব বুলি নিজ ভাষণত প্ৰকাশ কৰে।

নাথ যোগীসকল অন্যতম খিলঞ্জীয়া বুলি মন্তব্য কৰি কিছু অঞ্চল ভেদে চৰকাৰী আঁচনি ঢুকি পোৱা নাই বুলি মন্তব্য কৰে। নাথ যোগীৰ ল'ৰা-ছোৱালীক কোচিংৰ ব্যৱস্থাপনা কৰাৰ বাবে বিটিআৰ চৰকাৰৰ পৰা ১০ লাখ টকাৰ অনুদানৰ ব্যৱস্থা কৰা হ'ব বুলি ভাষণত উল্লেখ কৰে প্ৰমোদ বড়োৱে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছতে অসমত উন্নয়নৰ ধল বৈছে আৰু শান্তি -নিৰাপত্তা ঘূৰি আহিছে বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে। তদুপৰি গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ ছাত্ৰ সংগঠনৰ প্ৰতি আহ্বান জনাইছে বি টি চিৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে।

আনহাতে সভাত উপস্থিত থকা সাংসদ কামাখ্যা প্ৰসাদ তাছাই নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগক প্ৰশংসা কৰি ছহিদৰ মহান ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ সংবাদ মাধ্যমৰ আগত অসমত সকলোৱে মিলিজুলি থকাৰ আহ্বান জনোৱাৰ লগতে অসমীয়া জাতি নিৰ্মাণ কৰাৰো আহ্বান জনায়। নাথ যোগীৰ দাবী সন্দৰ্ভত মুখ্যমন্ত্ৰীক অৱগত কৰা হ'ব বুলিও সদৰি কৰে কামাখ্যা প্ৰসাদ তাছাই।

ইপিনে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰবিন্দ নাথে ভাষণ প্ৰসংগত চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে। কেন্দ্ৰীয় সভাপতি নাথে জাতীয় ছহিদ মনবৰ নাথৰ সোঁৱৰণত চিকিৎসা মহাবিদ্যালয় নামাকৰণ কৰাৰ দাবী উত্থাপন কৰে।

তদুপৰি অতি শীঘ্ৰে নাথ যোগীসকলক জনজাতিকৰণ কৰা আৰু উপগ্ৰহীয় স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰাৰো দাবী উত্থাপন কৰিছে। অন্যথা চৰকাৰৰ বিৰুদ্ধে ৰাজপথত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

নাথ যোগীৰ ন্যায দাবীসমূহৰ প্ৰতি চৰকাৰে যথোচিত গুৰুত্ব প্ৰদান নকৰিলে অহা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত চৰকাৰখনে ইয়াৰ ফল ভূগিব লাগিব বুলি মন্তব্য কৰে অৰবিন্দ নাথে।

আজিৰ এই মুকলি সভাত অসমৰ কেইবাটাও জাতি, জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ লগতে ছাত্ৰ সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে।

নাথ যোগীসকলক জানজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীঃ ছহিদ দিৱসৰ কাৰ্যসূচীত অসমীয়া জাতি নিৰ্মাণৰ আহ্বান তাছাৰ
ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ ফুটবলত চেম্পিয়ন অসমঃ ১১-০ ব্যৱধানত পৰাস্ত হাৰিয়ানা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in