বড়োলেণ্ড বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

৫৪খন শৈক্ষিক গৱেষণা পত্ৰ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে উপস্থাপন
বড়োলেণ্ড বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ
Published on
Updated on

ডিজিটেল সংবাদ, কোকৰাঝাৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগে Challenging Precocity Network and ICCR-NERCৰ সহযোগত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে “Living With Precocity: Literature in Context in the 21st Century" শীৰ্ষক বিষয়বস্তুৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰিছে । আলোচনা চক্ৰখনত সৰ্বমুঠ ৫৪খন শৈক্ষিক গৱেষণা পত্ৰ অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে উপস্থাপন কৰা হয়।

এক ভিন্নৰূপী দৃষ্টিভংগী আৰু গভীৰ বিশ্লেষণ নিশ্চিত কৰাৰ উদ্দেশ্যেৰে এশৰো অধিক সংক্ষিপ্ত-সাৰৰ পৰা উক্ত গৱেষণা পত্ৰসমূহ নিৰ্বাচিত কৰা হৈছিল। গৱেষকসকলে অনিশ্চিত পৰিস্থিতিত জীৱন নিৰ্বাহৰ ধাৰণাটোক, বিভিন্ন ধৰণৰ সাহিত্য আৰু সাংস্কৃতিক অধ্যয়নত কেনেকৈ চিত্ৰিত আৰু সম্বোধন কৰা হৈছে, সেই সম্পৰ্কে বিশদভাৱে আলোচনা কৰে।

আলোচনা চক্ৰত তুৰস্কৰ আংকাৰাৰ Middle East Technical Universityৰ অধ্যাপক নুৰটেন বাৰ্লিক আৰু আটাবেৰ্ক চেটিংকায়াই অনিশ্চিয়তাৰ ওপৰত নিজৰ অন্তৰ্দৃষ্টি উপস্থাপন কৰে। কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উদ্বোধন কৰা আলোচনা চক্ৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বি.এল. আহুজা, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ধনপতি ডেকা, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ সুবুং বসুমতাৰী আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ড০ সুভাষ চন্দ্ৰ দাসে অংশগ্ৰহণ কৰে।

ইয়াৰ উপৰিও নয়দাস্থিত বেনেট বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্যৰ সহযোগী অধ্যাপক ড° ওম প্ৰকাশ দ্বিবেদী, উত্তৰ বংগ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° বিনায়ক ৰায়, গুজৰাটৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ড° ধনঞ্জয় ৰায়, আৰু দক্ষিণ আফ্ৰিকাৰ ডাৰবান ইউনিভাৰ্চিটি অৱ টেকন'লজিৰ সহযোগী গৱেষক ডঃ গৌতম কৰ্মকাৰে আলোচিত বিষয়বস্তু সম্পৰ্কে তত্বগধুৰ পৰ্যালোচনা কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ডলিকাজ্যোতি শৰ্মা আৰু ড° ধূৰ্জ্জটি শৰ্মাই অনিশ্চিত পৰিস্থিতিৰ বহুমুখী প্ৰকৃতিৰ সন্দৰ্ভত তেওঁলোকৰ মতামত ব্যক্ত কৰাৰ লগতে উক্ত বিষয়ক সমাজ আৰু সাহিত্যিক প্ৰেক্ষাপটৰ সৈতে সংযোগ কৰাৰ সম্পৰ্কেও মত বিনিময় কৰে।

এই আলোচনা চক্ৰত বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ মাজত এখন বুজা পৰা (Mou) চুক্তিও স্বাক্ষৰিত হয়। শৈক্ষিক সহযোগিতাক প্ৰসাৰিত কৰা তথা গৱেষণা আৰু বিদ্যায়তনিক চিন্তা-চৰ্চা আদিক আগুৱাই নিয়াৰ লক্ষ্যৰে এই চুক্তিখন দুয়োখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু পঞ্জীয়কৰ উপস্থিতিত স্বাক্ষৰিত হয়।

বড়োলেণ্ড বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ
কোকৰাঝাৰত অষ্টম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in