বৰমাত এন ডি এফ বিৰ শ্বহীদ দিৱস পালন

বৰমাত এন ডি এফ বিৰ শ্বহীদ দিৱস পালন

author-image
Asomiya Pratidin
New Update
বৰমাত এন ডি এফ বিৰ শ্বহীদ দিৱস পালন

ডিজিটেল সংবাদ,বৰমা : শনিবাৰে প্ৰাক্তন বড়ো বিপ্লৱী সংগঠন এনডিএফবিৰ ৩৬ সংখ্যক শ্বহীদ দিৱস পালন কৰা হয় । ১৯৮৬ চনৰ ১৪ ছেপ্টেম্বৰত এনডিএফবিৰ সদস্য বি. বাংবুৰ গৌৰাই প্ৰথম শ্বহীদ হৈছিল । সেইদিনাৰ পৰা এনডিএফবি সংগঠনটো শ্বহীদ সকলৰ স্মৃতিত ১৪ ছেপ্তেম্বৰ দিনটো এনডিএফবিৰ শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে ।

আজি বাক্সা জিলাৰ বৰমা থানাৰ অন্তৰ্গত মুৰমেলাত এনডিএফবিৰ ৩৬ সংখ্যক শ্বহীদ দিৱসটো দিনজোৰা কাৰ্যসূচী ৰূপায়ন কৰা হয় । এই কাৰ্যসূচীত পতাকা উত্তোলনৰ পিছতেই শ্বহীদসকলৰ স্মৃতি বেদীত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰা হয় ।

এই কাৰ্যসূচীত সংগঠনৰ পতাকা উত্তোলন কৰে সাংগঠনিক সম্পাদক অমৰ চন্দ্ৰ বড়োৱে । শ্বহীদ সকলৰ স্মৃতিত পুষ্পাঞ্জলি অৰ্পন কৰে বাবুল বড়ো, হৰেন্দ্ৰ বড়ো, বি. ব্ৰহ্ম, জলেশ্বৰ বড়ো ।

প্ৰাক্তন এনডিএফবি সদস্যসকলে পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে শান্তি চুক্তি অনুসৰি পাব লগা সা সুবিধা পৰা বঞ্চিত হোৱাক লৈ ক্ষোভ উজাৰে । ২০২০ চনৰ ২৭ জানুৱাৰীত বিটিআৰ চুক্তি গঠন হোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বিটিচি চাৰকাৰে প্ৰাক্তন এনডিএফবিৰ সদস্য সকলক মাননি, বয়স থকা সকলক চৰকাৰী চাকৰি, ছহিদৰ পৰিয়ালক এককালিন সাহায্য প্ৰদানৰ যি প্ৰতিশ্ৰুতি দিছিল সেইবোৰ পূৰণ কৰিবলৈ আহ্বান জনায় ৷

অনাগত দিনত প্ৰাক্তন এনডিএফবি সমস্যা সমূহ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে সমাধান নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে।

Also Read: ধুবুৰীত প্ৰাক্তন ছাত্ৰ নেতা ইনামূল হকক সোঁৱৰণ

barama