এনডিএ মিত্ৰজোঁটৰ চিদলী সমষ্টিৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক বিপুল আদৰণি...

এনডিএ মিত্ৰজোঁটৰ চিদলী সমষ্টিৰ প্ৰাৰ্থী  নিৰ্মল কুমাৰ ব্ৰহ্মক বিপুল আদৰণি...
এনডিএ মিত্ৰজোঁটৰ চিদলী সমষ্টিৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক বিপুল আদৰণি...
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং: উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰে পৰা ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক বিৰোধী দুয়োদলৰ ভিতৰচৰাত প্ৰাৰ্থীত্ব বিচৰা নেতাসকলৰ মাজত বিদ্ৰোহ দেখা দিছিল। ফলত যোৱা কেইটাদিনত চিদলী সমষ্টিৰ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ নাম ঘনে ঘনে সলনি হোৱাৰ বাতৰিয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছিলে ।

অৱশেষত আজিৰ সকলো জল্পনা কল্পনাৰ অন্ত পেলাই দিনটোত চিদলী বিধানসভা সমষ্টিৰ দুই মুখ্য দল ক্ৰমে ইউপিপিএল আৰু বিপিএফে তেওঁলোকৰ দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে । এনডিএ মিত্ৰজোঁটৰ হৈ ইউপিপিএল দলে আজি চিদলী বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী হিচাপে ১৬ নং নিচিমা পৰিষদীয় সমষ্টিৰ প্ৰাক্তন পাৰিষদ তথা চিৰাং জিলা ইউপিপিএল সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্মৰ নাম ঘোষণা কৰে ।

চিৰাং জিলাৰ কাশিকোত্ৰাস্থিত এনডিএ মিত্ৰজোঁটৰ নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয়ত বিজেপি, ইউপিপিএল আৰু অগপৰ নেতৃত্বৰ উপস্থিতিত এক সংবাদ মেলৰ আয়োজন কৰি মিত্ৰজোঁটৰ হৈ ইউপিপিএল দলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে আনুষ্ঠানিক ভাবে ঘোষণা কৰে। আজিৰ এই দলীয় প্ৰাৰ্থী ঘোষণাৰ বিশেষ সংবাদ মেলত কোকৰাঝাৰ লোকসভাৰ সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, কেবিনেট মন্ত্ৰী ইউ জি ব্ৰহ্ম, অসম গণ পৰিষদ দলৰ উপসভাপতি কৰ্ণমোহন ৰায়, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়, চিৰাং বিধান পৰিষদৰ সভাপতি কৰেন্দ্ৰ চন্দ্ৰ দাসৰ লগতে মিত্ৰজোঁটৰ তিনিটা দলৰ শীৰ্ষ নেতা আৰু দলীয় কৰ্মী উপস্থিত থাকে।

সংবাদ মেলত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাজু কুমাৰ নাৰ্জাৰীয়ে কয় যে, এইবেলি চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত আমাৰ এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই কমেও ৭০ হেজাৰ ভোটৰ ব্যৱধানত বিজয়ী হ'ব। কাৰণ ২০২০ চনৰ বিটিআৰ শান্তিচুক্তিৰ পিছত আমি বি টি আৰত মিত্ৰজোঁট চৰকাৰ গঠন কৰাৰ পিছতে সমগ্ৰ বি টি আৰত স্থায়ী শান্তিৰ পৰিৱেশ ঘুৰাই আনিবলৈ সক্ষম হৈছো।

লগতে কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ সৈতে মিলি উন্নয়নমূলক কামকাজৰ এটা নতুন পৰিৱেশৰ সূচনা কৰিছো। এয়া চিদলী সমষ্টিবাসী ৰাইজে বুজি উঠিছে যে এই অঞ্চলৰ শান্তি আৰু উন্নয়ন কোন দলে কৰিব পাৰিব।

সেয়ে অইন কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে কেতিয়াও কৰিব নোৱাৰিব। আমাৰ প্ৰাৰ্থীৰ বিজয় এশ শতাংশ নিশ্চিত বুলি দাবী কৰে। হাগ্ৰামা মহিলাৰীৰ দলে যিজনকে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নকৰক কিয় চিদলী সমষ্টিবাসী ৰাইজে তেওঁলোকক ভোট নিদিয়ে কিন্তু ভোট আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক হে প্ৰদান কৰিব বুলি সদৰি কৰে।

অহা ২৪ অক্টোবৰত নিৰ্মল কুমাৰ ব্ৰহ্মই মিত্ৰজোঁটৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ উপস্থিতিত মননোয়ন পত্ৰ দাখিল কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত মিত্ৰজোঁট ইউ পি পি এল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ কালি পূজাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ অভিযান চলাব বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে, আজিৰ সংবাদ মেলত ঘোষণা কৰাৰ লগে কাশিকোত্ৰাত প্ৰাক দিপাৱলী পৰিৱেশৰ সূচনা হৈ যায় । আতচবাজী আৰু পুষ্প বৃষ্টিৰ মাজেৰে প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক আদৰি আনে। উপস্থিত মিত্ৰজোঁটৰ নেতা কৰ্মীসকলে আৰ'নাই, ফুলাম গামোছাৰে উষ্ণ আদৰণি জনোৱাৰ লগতে শুভেচ্ছা গ্ৰহণ কৰে।

এনডিএ মিত্ৰজোঁটৰ চিদলী সমষ্টিৰ প্ৰাৰ্থী  নিৰ্মল কুমাৰ ব্ৰহ্মক বিপুল আদৰণি...
সংবাদকৰ্মী অৰ্ণব ৰয়ৰ চৰম সিদ্ধান্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in