-
আত্ম সমৰ্পন কৰা নাই এন এল এফ বিয়ে!
-
সমস্যা সমাধান নোহোৱা পৰ্যন্ত আত্ম সমৰ্পন নকৰে এন এল এফ বিয়ে।
-
ওদালগুৰিত এই কথা স্পষ্ট কৰিলে সংগঠনটোৰ নেতৃত্বই।
-
'বহিষ্কৃত নেতাই আত্ম সমৰ্পন কৰা মানে এন এল এফ বিয়ে আত্ম সমৰ্পন কৰা নুবুজাই।'
-
'৭ মাহ পূৰ্বেই সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছিল উপ-সভাপতি বি বকোক।'
-
'বকোৱে দুজনমান কেডাৰকলৈ কৰিছে আত্মসমৰ্পন।'
-
'এন এল এফ বিয়ে আত্ম সমৰ্পন নকৰে।'
-
'চৰকাৰৰ লগত আলোচনাৰ বাবে আমি সাজু।'
-
ওদালগুৰিত এই মন্তব্য এন এল এফ বিৰ সাধাৰণ সম্পাদক এন ফাঞ্জাৰীৰ।
-
ৰঞ্জন দৈমাৰী, এম বাথাৰ লগতে NDFB আৰু NLFBৰ সকলো নেতা-কেডাৰক মুকলি কৰি দিয়াৰো দাবী।
-
যিকোনো সময়তে আলোচনাৰ বাবে প্ৰস্তুত বুলিও জনালে সংগঠনটোৱে।
Also Read: নগাঁৱত মন্ত্ৰী পীয়ুষ হাজৰিকাৰ মন্তব্য- বিৰোধী মিত্ৰজোঁটত ভাঙোন আহিছে...