ডিজিটেল সংবাদ চিৰাং: ৰাজ্যৰ আন চাৰিটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ লগতে ৩১ নং চিদলী বিধানসভা সমষ্টিতো ১৩ নৱেম্বৰৰ পুৱা সাত বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ'ব। বুধবাৰৰ দিনটোতে চিদলী সমষ্টিৰ ভোটাৰ ৰাইজে ভাগ্য নিৰ্ধাৰণ কৰিব ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ভোট যুদ্ধত অৱতীৰ্ণ হোৱা এনডিএ মিত্ৰজোঁটৰ হৈ ইউপিপিএল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম, বিৰোধী বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰী আৰু জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ ।
উল্লেখ্য যে অসমত উপ-নিৰ্বাচনৰ অনুষ্ঠিত হোৱা পাঁচটাকৈ বিধানসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা সমষ্টিটোৱেই হৈছে ৩১ নং চিদলী বিধানসভা সমষ্টি। বুধবাৰে অনুষ্ঠিত হ'বলগা উপ-নিৰ্বাচনৰ ভোটগ্ৰহণত চিদলী বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,১৭,২৩৬ গৰাকী। তাৰে পুৰুষ ভোটাৰৰ সংখ্যা ১,০৭,৯২৪ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ১,০৯,৩০৮ গৰাকী। ৪ গৰাকী তৃতীয় লিংগৰ ভোটাৰো আছে সমষ্টিটোত।
চিদলী সমষ্টিত আন এটা লক্ষ্যনীয় বিষয় হৈছে যে পুৰুষ ভোটাৰৰ সংখ্যাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা অধিক। আজি চিৰাং জিলা কাজলগাঁৱত জিলা নিৰ্বাচনী বিষয়া যতীন বৰাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে ১৩ নৱেম্বৰত ৩১ নং চিদলী বিধানসভাৰ সমষ্টিত অন্তিমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে ।
চিৰাং আৰু কোকৰাঝাৰ জিলাৰ কিছু অংশ সাঙুৰি ৩১ নং চিদলী বিধানসভা সমষ্টিৰ ১৮২টা স্থানত মুঠ ২৭৩ টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। তাৰে ৪৬ টা ভোটকেন্দ্ৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত।
এইবেলি উপ-নিৰ্বাচনত জিলা প্ৰশাসনৰ পৰা বাসুগাঁও চহৰৰ ৮২১ নং ৰামকৃষ্ণ আশ্ৰম এলপি স্কুলৰ ১৯১ আৰু ১৯২ নং ভোটকেন্দ্ৰ দুটাক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে স্বীকৃত প্ৰদান কৰা হয়। আদৰ্শ ভোটকেন্দ্ৰটো দুটা বেলুনেৰে সুন্দৰ ভাবে সজাই পৰাই তোলাৰ লগতে ভোটকেন্দ্ৰ দুটাত জ্যেষ্ঠ নাগৰিক, দিব্যাঙ্গসকলৰ বাবে জিৰণিৰ বাবে বিশেষ ব্যবস্থা ৰখা হৈছে।
তদুপৰি মহিলা ভোটাৰৰ লগত অহা শিশুসকলৰ খেল-ধেমালিৰ কৰাৰ সু-বন্দোৱস্ত কৰা হৈছে বুলি জনায়। লক্ষ্যনীয় যে, উক্ত আদৰ্শ ভোটকেন্দ্ৰ দুটা সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব।
য'ত নিৰাপত্তাৰ বাবেও মহিলা আৰক্ষী নিয়োজিত কৰা হৈছে । ৩১ নং চিদলী সমষ্টিৰ উপ-নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ মুঠ ১২২৪ গৰাকী চৰকাৰী বিষয়া, কৰ্মচাৰীক নিয়োজিত কৰা হৈছে।
তাৰে ভিতৰত যদি কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হয় তাৰ বাবে ১২ শতাংশ অতিৰিক্ত ভোট কৰ্মীক সুৰক্ষিত ৰখা হৈছে বুলি সদৰি কৰে । এইবেলি চিদলী সমষ্টিত মুঠ ২৭৩ টা ভোটকেন্দ্ৰৰ ভিতৰত ৩৩ টা ভোটকেন্দ্ৰক স্পৰ্শকাতৰ আৰু অতিস্পৰ্শকাৰ হিচাপে জিলা প্ৰশাসনৰ পৰা চিহ্নিত কৰা হৈছে ।
তাৰে ভিতৰত ৯ টা অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ কোকৰাঝাৰ জিলাত আছে বুলি জানিবলৈ দিয়ে। উল্লিখিত ভোটকেন্দ্ৰসমূহত সাম্ভাব্য পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অসম আৰক্ষীৰ সশস্ত্ৰ বাহিনী লগতে পাঁচ প্লাটুন কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী নিয়োজিত কৰা হৈছে।
তদুপৰি প্ৰতিখন আৰক্ষী থানাৰ পৰা অতিৰিক্ত সশস্ত্ৰ বাহিনী সৈতে আৰক্ষীৰ টহলৰ ব্যৱস্থাক কৰা হৈছে। ইয়াৰ উপৰি কিছু কিছু বাঁচনি কৰা ভোটকেন্দ্ৰত চিচি কেমেৰাৰো ব্যৱস্থা কৰা হৈছে বুলি সদৰি কৰে ।
আজি পুৱা কাজলগাঁওস্থিত জিলা কেন্দ্ৰত স্থাপন কৰা ষ্ট্ৰং ৰুমৰ কাষতে নিৰ্মাণ কৰা বিশাল পেণ্ডেলত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে নিয়োজিত প্ৰিজাইডিং বিষয়া, পোলিং বিষয়াসহ অন্যান্য ভোটকৰ্মীসকলে ইভিএম মেচিনসহ অন্যান্য সামগ্ৰী সংগ্ৰহ কৰি দুপৰীয়া দুই বজাৰ ভিতৰত ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ যাত্ৰা কৰে ।
১৩ নৱেম্বৰৰ পুৱা এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই ৰাতিপুৱা সাত বজাত আমগুৰী থানাৰ অন্তৰ্গত ৬৮ নং ভবানীপুৰ এলপি স্কুলত ভোটদান কৰিব। আনপিনে বিৰোধী বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীয়ে সাত বজাত সপত্নীক ভোটদান কৰিব চিদলীৰ ৯৫০ নং পশ্চিম টুংকুবাৰী এল পি স্কুলত আৰু জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীয়ে ৰুণীখাতা এল পি স্কুলৰ ভোটকেন্দ্ৰত ভোটদান কৰিব বুলি জানিব পৰা গৈছে ।