ওদালগুৰি ৰে'ল ষ্টেচনত উত্তপ্ত পৰিস্থিতি

প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
Published on
Updated on

ডিজিটেল সংবাদ, ওদালগুৰি : ৰে'লৰ টিকটক লৈ দেওবাৰে ওদালগুৰি ষ্টেচনত যাত্ৰী আৰু ৰে'ল কৰ্মচাৰীৰ মাজত চলা বাক-বিতণ্ডাই কিছু সময়ৰ বাবে উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে। খবৰ অনুসৰি পুৱা ৭-৪০ বজাত ওদালগুৰিৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ যাবলগীয়া ১৫৮১৬ নম্বৰৰ গুৱাহাটী ইন্টাৰচিটি এক্সপ্ৰেছ ৰে'লখনেৰে যাত্ৰাৰ বাবে পুৱা প্ৰায় ৭ বজাৰ পৰাই ওদালগুৰি ৰেল ষ্টেচনৰ টিকট কাউণ্টাৰত যাত্ৰীসকলে শাৰী পাতি আছিল।

বহু সময় ধৰি ৰে'ল ষ্টেচনটোৰ টিকট কাউণ্টাৰত কোনো কৰ্মচাৰী উপস্থিত নথকাত যাত্ৰীসকলে ষ্টেচন মাষ্টৰক অৱগত কৰে। তাৰ পাছতো ষ্টেচন কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত নহ'ল।

ফলত ৰে'লখন আহি ষ্টেচন পোৱা ১০ মিনিট আগলৈ টিকট কাউণ্টাৰত কোনো ধৰণৰ কৰ্মচাৰী উপস্থিত নোহোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিষয় সন্দৰ্ভত ৰে'ল ষ্টেচনৰ ষ্টেচন মাষ্টৰক জনোৱাৰ পাছতো কোনো ফল নধৰাৰ অভিযোগ কৰে উপস্থিত যাত্ৰীসকলে।

আনকি ওদালগুৰিৰ পৰা ৰঙিয়ালৈ গ'লে টিটিয়ে টিকট পৰীক্ষা নকৰে বুলি ষ্টেচন কৰ্তৃপক্ষই যাত্ৰীসকলক বুজনি দিয়া বুলিও অভিযোগ উত্থাপন হৈছে। এই বিষয়ে যাত্ৰীসকলে ষ্টেচন কৰ্তৃপক্ষৰ পৰা লিখিতভাৱে বিচৰাত ষ্টেচনটোত পুনৰ হুলস্থুলীয়া পৰিৱেশৰ সূচনা হয়।

শেষ মুহূৰ্তত এগৰাকী মহিলা টিকট কৰ্মচাৰীক মাতি আনি ৰে'ল অহাৰ মাত্ৰ দুমিনিটমান পূৰ্বে টিকট কাউণ্টাৰত বহুৱাই টিকট দিয়াৰ ব্যৱস্থা কৰে। যাৰ ফলত প্ৰায় অধিকাংশ যাত্ৰীয়ে ভয়-শংকাৰ মাজেৰে টিকট অবিহনেই যাত্ৰা কৰিবলৈ বাধ্য হয়।

উল্লেখ্য যে বিভিন্ন সময়ত বিতৰ্কৰ শিৰোনাম দখল কৰা ষ্টেচনটোত টিকট কাউণ্টাৰ বৃদ্ধি কৰাৰ বাবে যাত্ৰীসকলে দাবী কৰি অহাৰ পাছতো ৰে'ল বিভাগে ব্যৱস্থা গ্ৰহণ নকৰিলে। সমান্তৰালভাৱে বিভিন্ন কাৰ্যৰে অভিযুক্ত একাংশ যুৱকৰ দপদপনি ষ্টেচনৰ ভিতৰত চলাৰ লগতে সেই যুৱকে ৰে'ল কৰ্মচাৰীৰ দৰে ষ্টেচনটোত দপদপাই থকাৰ লগতে পৰ্যাপ্ত পৰিমাণৰ ৰে'ল আৰক্ষী নথকাৰো অভিযোগও উত্থাপন কৰিছে। এইক্ষেত্ৰত ৰে'ল বিভাগটোৱে অনাগত দিনবোৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

প্ৰতিনিধিত্বমূলক ফটো
ঈদৰ আনন্দত বিধি-পথালি দিব নেকি বতৰে ! আগন্তুক ৫দিনৰ বাবে জানক বতৰৰ বতৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in