বনৰগাঁৱত ইউপিপিএলৰ বিশাল যোগদান কাৰ্যসূচী...

১১৭৪ গৰাকীক প্ৰমোদ বড়োৱে জনালে আদৰণি
বনৰগাঁৱত ইউপিপিএলৰ বিশাল যোগদান কাৰ্যসূচী...
বনৰগাঁৱত ইউপিপিএলৰ বিশাল যোগদান কাৰ্যসূচী...
Published on
Updated on

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বনৰগাঁৱত আজি ইউপিপিএল দলৰ বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷ ইউপিপিএলৰ বনৰগাওঁ ব্লক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশাল যোগদান কাৰ্যসূচীত বিভিন্ন দল সংগঠনৰ পৰা ১১৭৪ গৰাকী লোকে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে ৷

যোগদান কৰা সকলক আৰণাইৰে দললৈ আদৰণি জনায় ইউপিপিএল দলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ৷ যোগদান কাৰ্যসূচীৰ পিছত সাংবাদিকৰ আগত প্ৰমোদ বড়োৱে কয় যে বিপিএফ দলে ৰাইজক প্ৰতাৰনা কৰাৰ বাবে ৰাইজে ইউপিপিএল দলক আঁকোৱালি লৈছে ৷ বনৰগাঁৱ সমষ্টিত বিপিএফে কৰা প্ৰতাৰণাৰ বাবেই সকলো জাতি -জনগোষ্ঠীৰ লোক আজি ক্ষুব্ধ হৈছে আৰু ইয়াৰ পৰিণতিতে দলেবলে ইউপিপিএলত যোগদান কৰিছে।

বিটিচিৰ বনৰগাওঁ সমষ্টিৰ ৰাইজৰ অভাৱ অভিযোগসমূহ অচিৰেই সমাধান কৰা হ'ব ৷ ইতিমধ্যে সমষ্টিটোত বহু কাম হ'ল আৰু বাকী থকা কামসমূহ অচিৰেই সমাধানৰ বাবে বিভিন্ন আচঁনি লোৱা হৈছে বুলি সদৰি কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে।

আগন্তুক এমাহ দুমাহৰ ভিতৰতে বিটিচিৰ ৪০ টা সমষ্টিতে ইউপিপিএলৰ সমৰ্থন ৬০ - ৭০ শতাংশ বাঢ়ি যোৱাটো নিশ্চিত বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে। আনহাতে অসমীয়া ভাষাই ধ্ৰপদী ভাষাৰ স্বীকৃতি লাভ কৰাত প্ৰমোদ বড়োৱে শুভেচ্ছা জনাইছে।

অসমীয়া ভাষাৰ ওপৰত গৱেষণা কৰা, চৰ্চা কৰা আৰু লিখা মেলা কৰা সকলোকে আন্তৰিক অভিনন্দন জনাই আন ভাষাৰ বাবেও ই অনুপ্ৰেৰণাদায়ক হ'ব বুলি মন্তব্য কৰে। আনহাতে বড়ো ভাষাক লৈ যিখিনি কাম হৈ আছে বড়ো ভাষাও এদিন স্বীকৃতি লাভ কৰিব বুলি আশা কৰিছে প্ৰমোদ বড়োৱে ৷

ইপিনে বড়োসকলৰ ২১ টা বিভিন্ন খাদ্য-সামগ্ৰীৰ বাবে ভৌগলিক স্বীকৃতি তথা জি আই টেগ বিচাৰি আবেদন কৰাৰ পিছত ১৩ টা পৰস্পৰাগত খাদ্য -সামগ্ৰীয়ে জি আই টেগ লাভ কৰিবলৈ সক্ষম হৈছে আৰু বাকী ৮ টাও শীঘ্ৰে জি আই টেগ লাভ কৰিব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োৱে। উল্লেখ্য যে আজি বনৰগাঁৱত অনুষ্ঠিত হোৱা ইউপিপিএলৰ যোগদান সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ৰঞ্জিত বসুমতাৰী, উইলচন হাসদা, ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে।

বনৰগাঁৱত ইউপিপিএলৰ বিশাল যোগদান কাৰ্যসূচী...
চাকৰি দিয়াৰ নামত ধন লৈ গ্ৰেপ্তাৰ শিক্ষক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in