কোকৰাঝাৰত দুই শতাধিকৰ বিপিএফত যোগদান

কোকৰাঝাৰত দুই শতাধিকৰ বিপিএফত যোগদান
Published on
Updated on

ডিজিটেল সংবাদ,কোকৰাঝাৰ : ইউপিপিএল আৰু বিপিএফ দলৰ মাজত একত্ৰীকৰণক লৈ ব্যাপক জল্পনা কল্পনা চলি থকাৰ মাজতে শনিবাৰে কোকৰাঝাৰত বিপিএফৰ এক বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হয় ৷ এই উপলক্ষে কোকৰাঝাৰস্থিত বিপিএফৰ দলৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত আয়োজিত এক বিশাল যোগদান সমাৰোহত বিভিন্ন দলৰ পৰা ২৭৬ গৰাকী পুৰুষ মহিলাই আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে ।

বিপিএফৰ কেন্দ্ৰীয় উপ-সভানেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান সমাৰোহত জিলা বিপিএফৰ সভাপতি তথা পাৰিষদ দেৰহাছাৎ বসুমতাৰী, যুৱ বিপিএফৰ কেন্দ্ৰীয় সম্পাদক কাষ্টম বসুমতাৰী আৰু মহিলা কোষৰ নেতৃত্ববৃন্দ উপস্থিত থাকে ৷ যোগদান সমাৰোহত বিভিন্ন দলৰ পৰা আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰা ২৭৬ গৰাকী নেতা-কৰ্মীক আৰনাইৰে আদৰণি জনায়।

বিপিএফ দলত যোগদান কৰা সকলোকে আদৰণি জনাই বিপিএফৰ জ্যেষ্ঠ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষই কয় যে এয়া বিপিএফ দলৰ প্ৰতি থকা ৰাইজৰ মৰম আৰু আস্থাকে সূচাইছে ৷ তেওঁ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলক অধিক শক্তিশালী কৰাৰ বাবে আজি কোকৰাঝাৰত সদলবলে যোগদান কৰাটো বিপিএফ দলৰ বাবে শুভলক্ষণ বুলি মন্তব্য কৰে ৷

বড়োভূমিৰ ৰাজনীতিত একত্ৰীকৰণক লৈ বিপিএফ দলৰ কোনো দ্বি-মত নাই বুলি উল্লেখ কৰি একত্ৰীকৰণৰ আলোচনা প্ৰক্ৰিয়া সদ্যহতে আগবঢ়া নাই বুলি তাপতৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰমীলা ৰাণী ব্ৰহ্ময়ে ৷

কোকৰাঝাৰত দুই শতাধিকৰ বিপিএফত যোগদান
শোণিতপুৰত আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ দুই সদস্যক গ্ৰেপ্তাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in