ডিজিটেল সংবাদ, চিৰাং: বৃহস্পতিবাৰে চিৰাঙৰ বঙাইগাঁও শোধনাগাৰ বিনোদন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত বিটিচি প্ৰশাসনৰ উদ্যোগত আৰু 'বড়োলেণ্ড হেপিনেচ প্ৰগ্ৰাম' নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক শান্তি দিৱস পালন কৰা হয়। এক দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ অন্তত বিটিআৰ এলেকাত শান্তিৰ পৰিৱেশ ঘুৰি আহিছে আৰু আগন্তুক সময়ত বিটিআৰ এলেকাত যাতে এই শান্তিৰ পৰিৱেশ বৰ্তি থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা বছৰৰ পৰা বিটিচি প্ৰশাসনৰ পৰা 'বড়োলেণ্ড পিচ্ মিচন' অৰ্থ্যাৎ বড়োলেণ্ড শান্তি অভিযান নামেৰে এক কাৰ্য্যসূচী হাতত লোৱা হৈছিল।
সেই অভিযানৰ জৰিয়তে বিভিন্ন জনগোষ্ঠীৰ লোকৰ মাজত গৈ কাম কৰি থকা হৈছে আৰু এই অভিযানৰ বাৰ্তা জনসাধাৰণৰ মাজত লৈ যোৱাৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে বিটিচি প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক শান্তি দিৱস কাৰ্য্যসূচী আয়োজন কৰা হৈছে বুলি বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োই ।
বৃহস্পতিবাৰে চিৰাঙৰ বঙাইগাঁও শোধনাগাৰ বিনোদন কেন্দ্ৰত আয়োজিত আন্তৰ্জাতিক শান্তি দিৱসৰ কাৰ্য্যসূচীত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ উপৰি বিশিষ্ট আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশ্বশান্তিৰ হকে নিৰন্তৰ কাম কৰি থকা আন্তৰ্জাতিক খ্যাতিসম্পন্ন ব্যক্তিত্ব শ্ৰীপ্ৰকাশ মায়াচন্দ্ৰা, নাগালেণ্ডৰ শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা বিশিষ্ট সমাজকৰ্মী নিকিতু ইৰালুসহ বিটিচিৰ কাৰ্য্যবাহী সদস্য গৌতম দাস, উইলছন হাছদা সহ বহু আমন্ত্ৰিত ব্যক্তি।
আমন্ত্ৰিত অতিথিসকলে তেওঁলোকৰ ভাষনত মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ কথা উল্লেখ কৰি কয় যে, একাংশ ৰাজনৈতিক দল, সংগঠনে নিজৰ স্বাৰ্থৰ বাবে সমাজত বিভাজনমূলক নীতি অৱলম্বন কৰাৰ বাবে আজিও মণিপুৰত গোষ্ঠীগত হিংসাৰ দাবানল জ্বলি আছে। এইক্ষেত্ৰত মণিপুৰত শান্তি পৰিৱেশ ঘুৰাই আনিবলৈ কুকি আৰু মেইটেই উভয় জনগোষ্ঠীৰ লোকে হিংসা পৰিহাৰ কৰি শান্তিৰ হকে কাম কৰি যাবলৈ আহ্বান কৰে। সামান্তৰাল ভাৱে সমগ্ৰ বিশ্বৰ লগতে আমাৰ সমাজ জীৱনত কিদৰে হিংসা, বিদ্বেষ পৰিহাৰ কৰি কিদৰে শান্তিৰ পৰিৱেশ গঢ় দিব পাৰি তাৰ ওপৰত গুৰুত্বাৰোপ কৰি সমাজৰ প্ৰতিজন লোকে কাম কৰি যোৱাৰ বাবে আহ্বান জনোৱা হয়।
বৃহস্পতিবাৰৰ এই অনুষ্ঠানতে বিটিচি প্ৰধান প্ৰমোদ বড়োই ঘোষনা কৰে যে অচিৰেই চিৰাং জিলাত এখন আন্তৰ্জাতিক শান্তি বিদ্যালয় স্থাপন কৰা হ'ব । এই আন্তৰ্জাতিক শান্তি দিৱসৰ কাৰ্য্যসূচীত বিটিচিৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক শিক্ষাৰ্থী, শিক্ষাবিদ, সমাজকৰ্মী, স্বেচ্ছাসেৱী সংগঠনৰ বিষয়ববীয়া সকলৰ উপৰি বিটিচিৰ কাৰ্য্যবাহী সদস্য উইলছন হাছদা, গৌতম দাস, ৰেওৰেওৱা নাৰ্জানাৰী, পাৰিষদ ৰাজীব বসুমতাৰী, সজল সিনহা, ইউপিপিএল দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী সহ অন্যান্য আমন্ত্ৰিত ব্যক্তি সকল উপস্থিত থাকে ।
Also Read: শুকুৰ আলি !