কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালত ফাৰ্মাচী দিৱস উদযাপন

কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালত ফাৰ্মাচী দিৱস উদযাপন

Published on

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালত বুধবাৰে বিশ্ব ফাৰ্মাচী দিৱস উদযাপন কৰা হয়। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ ফাৰ্মাচী শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশ্ব ফাৰ্মাচী দিৱস উপলক্ষে অনুষ্ঠিত হোৱা কাৰ্যসূচীত কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালৰ অধীক্ষক ভূৱনেশ্বৰ শইকীয়া, মেডিচিন বিভাগৰ মূৰব্বী অধ্যাপক ভাস্কৰ বৰুৱা, বালাজান স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক হিমাংশু দাস উপস্থিত থাকে ।

তিনিওগৰাকী চিকিৎসকে নিজ ভাষণত ফাৰ্মাচিষ্টসকলক উদ্গনি দি ফাৰ্মাচিষ্টসকলে স্বাস্থ্যখণ্ডত দিয়া অৰিহণাক একমুখে স্বীকাৰ কৰে। কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালৰ অধীক্ষক ভূৱনেশ্বৰ শইকীয়াই নিজ ভাষণত ফাৰ্মাচিষ্টসকলে কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতাল সূচাৰুৰূপে চলাই নিয়াৰ যথেষ্ট অৰিহণা আছে বুলি উল্লেখ ফাৰ্মাচিষ্টসকলৰ কঠোৰ পৰিশ্ৰমক প্ৰশংসা কৰে ।

আনহাতে মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক ভাস্কৰ বৰুৱা চিকিৎসকসকলৰ হাতৰ আখৰ বেয়া সত্বেও নিদানপত্ৰ মতে ৰোগীক ঔষধ দি বুজাই দিয়া কাৰ্য প্ৰশংসনীয় বুলি উল্লেখ কৰে । বালাজান স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক হিমাংশু দাসে তেওঁৰ নিজৰ দীঘলীয়া ভাষণত প্ৰতিকুল পৰিস্থিতিৰ মাজতো ফাৰ্মাচিষ্টসকলে স্বাস্থ্যখণ্ডৰ প্ৰতি আগবঢ়োৱা অৱদানৰ শলাগ লয়।

তদুপৰি একাংশ ঔষধ বিক্ৰেতাই নিজকে ফাৰ্মাচিষ্ট বুলি পৰিচয় দি জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিষয়টোত উদ্বেগ প্ৰকাশ কৰি চিকিৎসক হিমাংশু দাসে এইক্ষেত্ৰত সকলোকে সজাগ হবলৈ আহ্বান জনায়। উল্লেখ্য যে আজিৰ সভাখন কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালৰ ফাৰ্মাচিষ্ট ৰাজু কুমাৰ নাথে পৰিচালনা কৰে আৰু সভাত কেবাগৰাকী চিকিৎসক, ফাৰ্মাচিষ্ট , স্বাস্থ্যকৰ্মী উপস্থিত থাকে ।

কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালত ফাৰ্মাচী দিৱস উদযাপন
‘চাক্ৰিটো হ’লি ভাল আছিল আপাটোৰ এইবাৰ’
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in