তামুলপুৰত নীতি আয়োগৰ সজাগতামূলক অভিযান...

তামুলপুৰত নীতি আয়োগৰ সজাগতামূলক অভিযান...
Published on
Updated on

ডিজিটেল সংবাদ, তামুলপুৰঃ ভাৰতবৰ্ষৰ নীতি আয়োগে সমগ্ৰ ভাৰতবৰ্ষত এক সমীক্ষা চলাই ভাৰতবৰ্ষৰ ১১২খন পিছপৰি থকা জিলা তথা ৫০০টা ব্লক নিৰ্বাচিত কৰি উলিয়াইছিল। ইয়াৰে ভিতৰত অসমৰ জিলা হিচাপে বাক্সা আৰু ব্লক হিচাপত তামুলপুৰ ব্লক নীতি আয়োগৰ সমীক্ষাত নিৰ্বাচিত হৈছে। তদুপলক্ষে শুকুৰবাৰে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত নীতি আয়োগৰ নিৰ্দেশমৰ্মে তামুলপুৰ জিলা প্ৰশাসন আৰু তামুলপুৰ উন্নয়ন খণ্ডৰ উদ্যোগত এখন সভা অনুষ্ঠিত কৰি সজাগতামূলক অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে।

User

এই কাৰ্যসূচীত বিটিআৰৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভাৰ লগতে তামুলপুৰ জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়া কৰ্মচাৰীৰ লগতে প্ৰায় দুই শতাধিক লোকৰ উপস্থিতিত বিভিন্ন উন্নয়নমূলক কাম কাজ তথা উন্নয়নশীল অঞ্চলটোৰ উন্নয়ন সুনিশ্চিত কৰিবলৈ কেতবোৰ আলোচনা কৰে। বিশেষকৈ শিক্ষা, কৃষি, স্বাস্থ্য, সমাজকল্যাণ ইত্যাদি বিভিন্ন দিশৰ উন্নয়নৰ ক্ষেত্ৰত বহুলভাৱে আলোচনা কৰা হয়।

User

উক্ত সজাগতামূলক সভাৰ মাজতে সকলোৱে উন্নয়নৰ বাবে সংকল্পবদ্ধ হ'বলৈ শপতবাক্য ও পাঠ কৰে। উল্লেখ্য যে ৪ জুলাইৰ পৰা আৰম্ভ হোৱা উক্ত কাৰ্যসূচী অহা ৩০ জুলাইত সামৰণি পৰিব। এই কাৰ্যসূচীৰ অংশ স্বৰূপে আজি তামুলপুৰত সফলভাৱে অনুষ্ঠানটো ৰূপায়ণ কৰা হয়।

তামুলপুৰত নীতি আয়োগৰ সজাগতামূলক অভিযান...
হোজাই আৰক্ষীৰ গুলীত আহত অবৈধ গো মাংস ব্যৱসায়ীঃ আটক ৮

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in