ডিজিটেল সংবাদ, চিৰাং: চিদলী বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম মুহূৰ্তত চিদলীৰ কাশিকোত্ৰাস্থিত নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্যালয়ত বিটিআৰ মুখ্য কাৰ্য্যবাহী তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো আৰু কেবিনেট মন্ত্ৰী অশোক সিংহলৰ সংবাদ মেল সম্বোধন কৰে। আজিৰ সংবাদ মেলৰ আৰম্ভণিতে প্ৰমোদ বড়োই চিদলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অহা মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, লগতে এনডিএ মিত্ৰজোটৰ অন্যান্য মন্ত্ৰী বিধায়কসকলক ধন্যবাদ জ্ঞাপন কৰে ।
তাৰ পিছত প্ৰমোদ বড়োই কয় যে, বিপিএফ দল তথা হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া শাসনকালত বিটিআৰ এলেকাত কেৱল হত্যা, হিংসাৰ পৰিবেশ বিৰাজ কৰিছিল কিন্তু বিগত ২০২০ চনত ইউপিপিএল দলে বিটিচিত চৰকাৰ গঠন কৰাৰ পিছতে বিটিআৰত স্থায়ী শান্তিৰ পৰিৱেশ ঘূৰি আহিছে। এতিয়া বিটিআৰৰ জনসাধাৰণ আৰু ভয় শংকাৰ মাজত দিন অতিবাহিত কৰিবলগা নহয়।
মানুহ এতিয়া মুক্ত মনেৰে নিজৰ ব্যৱসায় বাণিজ্য কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলেও শিক্ষা দীক্ষা গ্ৰহণ কৰি নিজৰ জীৱন গঢ়াৰ পৰিৱেশ পাইছে। ইউপিপিএল দলৰ চাৰি বছৰীয়া শাসনকালত বিটিআৰৰ যি উন্নয়ন হৈছে ভাৰত স্বাধীনতাৰ ৭৭ বছৰতো হোৱা নাছিল বুলি দাবী কৰে।
বিপিএফ দল তথা হাগ্ৰামা মহিলাৰীৰ ভয়ত চিদলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত প্ৰমোদ বড়োই ভয় খাই ৰাজ্যৰ পৰা নেতা মন্ত্ৰী আনিব লগীয়া হৈছে বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্যৰ প্ৰতুত্ত্যৰত ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োই কয় যে বিপিএফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ পৰাজয় নিশ্চিত বুলি জানি আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছে। বহু বছৰৰ পৰাই বিটিচি এলেকাত নিৰ্বাচন দেখা পাই আহিছো।
বিপিএফৰ দিনত নিৰ্বাচনৰ কথা কলে মানুহে ভয়তে কপিছিলে কাৰণ নিৰ্বাচন মানেই মাৰামাৰি, মানুহৰ অকাল মৃত্যু হোৱাৰ দৰে পৰিৱেশ আছিলে কিন্তু এতিয়া আৰু সেই পৰিৱেশ নাই। যাৰ কাৰণেই মই অনুভৱ কৰো যে যদিও উপ-নিৰ্বাচন তথাপিও ভোটদানৰ হাৰ যথেষ্ট ভাল হ'ব।
চিদলী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম কিমান ভোটৰ ব্যৱধানত বিজয়ী বুলি সংবাদ মাধ্যমৰ লোকে কৰা প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োই কয় যে, নিৰ্বাচনী প্ৰচাৰত গৈ যি পৰিৱেশ দেখিছো ইয়াৰ পৰা অনুমান কৰিব পাৰি যে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম কম কৰি হলেও ৬০ হেজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিব তাত কোনো সন্দেহ নাই বুলি দাবী কৰে প্ৰমোদ বড়োই।
মিত্ৰজোঁটৰ বিপৰীতে হাগ্ৰামা মহিলাৰী অকলেই এশ বুলি নিজকে ওৱান মেন আৰ্মী বুলি মন্তব্যৰ প্ৰত্যুত্তৰত প্ৰমোদ বড়োই কয় যে গণতান্ত্ৰিক দেশত যদি নিজকে ওৱান মেন আৰ্মী কৈছে তেনেহলে তেখেতে গণতন্ত্ৰৰ ভাষাই বুজি নেপায়। আমাৰ দেশৰ সংবিধানে ভাৰতবৰ্ষক গণতান্ত্ৰিক দেশ বুলি স্বীকৃতি প্ৰদান কৰিছে আৰু ভাৰতবৰ্ষখন হৈছে বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ হিচাপে চিনি পায় ।
এই দেশৰ নিৰ্বাচনটো হৈছে এটা ডাঙৰ উৎসৱ । গণতন্ত্ৰৰ উৎসবৰ জৰিয়তেই দেশৰ চৰকাৰ গঠন কৰা হয় । কিন্তু হাগ্ৰামা মহিলাৰীৰ সময়ত এই বিটিচিত এই পৰিৱেশ নাছিলে। কাৰণ তেখেতে কোনো এটা ৰাজনৈতিক দলৰ সৈতে মিত্ৰতা কৰিলেও সেই আন ৰাজনৈতিক দলৰ কথা বাদ দিয়ক মিত্ৰ দলকে গণতান্ত্ৰিক ভাবে ৰাজনীতি কৰা অধিকাৰ দিয়া নাছিলে ।
কিন্তু আমাৰ চৰকাৰৰ দিনত পৰিৱেশ সলনি হৈছে, সকলো ৰাজনৈতিক দলে মুকলিকৈ গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে , সবে মুকলি মনে প্ৰাৰ্থীত্ব প্ৰদান কৰি নিৰ্বাচনৰ প্ৰচাৰ চলাইছে এয়াই হৈছে গণতন্ত্ৰৰ সৌন্দৰ্য্য। গণতন্ত্ৰৰ এইবোৰ কথা জানিবলৈ হলে হাগ্ৰামা মহিলাৰীয়ে পুনৰ এলপি স্কুলত নাম লগাব লাগিব তেতিয়াই তেখেতে গম পাব যে গণতন্ত্ৰ কি আৰু গণতন্ত্ৰৰ মূল্য কি বুলি কটাক্ষ কৰে।
আনপিনে কেবিনেট মন্ত্ৰী অশোক সিংহলে কয় যে এটা সময়ৰ হিংসা জৰ্জ্জৰিত বিটিআৰত আমি যোৱা চাৰি বছৰত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো । গোষ্ঠীগত সংঘৰ্ষ, অপহৰণ, ধনদাবী, হিংসাৰ পৰিৱেশৰ পৰা ওলাই আহি আমি শান্তি আৰু প্ৰগতিৰ দিশে আগবাঢ়ি গৈ আছো ।
সেয়ে শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক বিপুল ভোটৰ ব্যৱধানত জিকাই আনিবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় কেবিনেট মন্ত্ৰী অশোক সিংহলে।
Also Read: অসম্পূৰ্ণ মন্দিৰতে ভক্তক আশীৰ্বাদ দিছে ৰাম লালাই...