চিদলী বিধানসভা সমষ্টিত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ

চিদলী বিধানসভা সমষ্টিত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং : ৰাজ্যৰ পাঁচখনকৈ বিধানসভা সমষ্টিৰ বিধায়কে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পিছত খালী হৈ পৰা পাঁচ বিধানসভা সমষ্টিত খুব কম সময়ৰ ভিতৰতে অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন ! ইয়াৰে নামনি অসমৰ দুই উল্লেখযোগ্য বিধানসভা সমষ্টিৰ ভিতৰত এনডিএ মিত্ৰজোঁট অংশীদাৰী দল ইউপিপিএলৰ দখলত থকা ৩১ নং চিদলী বিধানসভা সমষ্টি আৰু অসম গণ পৰিষদৰ দখলত থকা ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টি ।

এই বিধানসভা সমষ্টি দুটাৰ উপ নিৰ্ব্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দল তথা নেতা কৰ্মী সকলৰ মাজত ভিতৰি ভিতৰি ব্যাপক তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । তাৰে ৩১ নং চিদলী সমষ্টিৰ ইউপিপিএল দলৰ বিধায়ক জয়ন্ত বসুমতাৰী সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ খালী হৈ পৰিছিল।

তেতিয়াৰ পৰাই চিদলী বিধানসভা সমষ্টি পুনৰ ইউপিপিএল দখলত ধৰি ৰখাৰ বাবে আগন্তুক উপ-নিৰ্বাচনক কেন্দ্ৰ বিটিচি প্ৰশাসন তথা ইউপিপিএল দলৰ পৰা বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

মূলতঃ উপ-নিৰ্বাচনক লক্ষ্য ৰাখিয়েই দেওবাৰৰ দিনটোত চিদলী বিধানসভা সমষ্টি এলেকাত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, সাংসদ জয়ন্ত বসুমতাৰী সহ বিটিচিৰ অন্যান্য কাৰ্য্যবাহী সদস্য আৰু পাৰিষদ সকলক লৈ মাৰাথন আধাৰশিলা স্থাপন কাৰ্য্যসূচী ৰূপায়ন কৰে। বিশ্ববেংকৰ আৰ্থিক সাহাৰ্য্যত আৰু অসম ৰাজ্যিক দলং আন্তঃগাঁথনি কাৰ্য্যসূচীৰ অধীনত একেদিনাই চিদলী বিধানসভা সমষ্টিৰ পৃথক পৃথক এলেকাত চাৰিটা কাঠৰ দলঙৰ ঠাইত পকী দলং লগতে এটা বজাৰগৃহ আৰু আৰু আৰু সমূহীয়া প্ৰেক্ষাগৃহৰ মিলি মুঠ ৬ টাকৈ আধাৰশিলা স্থাপন কৰে ।

প্ৰথমেই চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰুভাষা চান্দপুৰ গাঁৱত ধাৰাভূৰৰ নৈৰ ওপৰত থকা জৰাজীৰ্ণ কাঠৰ দলঙৰ ঠাইত পকী দলঙৰ আধাৰশিলা স্থাপন কৰে । তাৰ পিছত গৰুভাষাৰ ইছলাকাটাত পকী দলং, বাসুগাঁও চহৰৰ সমীপৰ কচুদোলা-খাগ্ৰাবাৰী সংযোগী পথৰ পকী দলং, কিষানবজাৰ খামাৰপাৰাত পকী দলং লগতে সংখ্যালঘু অধ্যূষিত এলেকা নাঙলভাঙাত বজাৰগৃহ আৰু কাজলগাঁৱত ছহিদ সুজিত বসুমতাৰী সমূহীয়া প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে।

তাৰ পিছত নাঙলভাঙা গাঁৱত ইউপিপিএল দলৰ এক দলীয় যোগদান সভাত অংশগ্ৰহণ কৰে । যোগদান সভাত বিভিন্ন ৰাজনৈতিক তথা দল সংগঠনৰ পৰা যোগদান কৰা লোক সকলক দললৈ আদৰণী জনায় দলৰ সভাপতি প্ৰমোদ বড়ো, সাংসদ জয়ন্ত বসুমতাৰী, কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী সহ অন্যান্য দলীয় নেতা কৰ্মী সকলে ।

ইপিনে বিটিচিৰ কাৰ্য্যবাহী সদস্য তথা বিজেপি নেতা অৰূপ দে ফকিৰাগ্ৰামৰ ঘটনাক লৈ কৰা সাম্প্ৰদায়িক মন্তব্য সন্দৰ্ভত তেখেতক বিটিআৰ এলেকাত শান্তি সম্প্ৰীতি ভ্ৰাতৃত্ববোধ বজাই ৰাখিবলৈ সংযম ৰক্ষা কৰিবলৈ আহ্বান জনায় বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে। সন্ধিয়া কাজলগাঁৱৰ পৌৰসভাৰ সভাকক্ষত এখন দলীয় সভাতো অংশগ্ৰহণ কৰে । কিন্তু উপ-নিৰ্বাচনত চিদলী বিধানসভা সমষ্টিত ইউপিপিএল দলৰ পৰা কোন নেতাক প্ৰাৰ্থীত্ব প্ৰদান কৰা হ'ব সেই সন্দৰ্ভত এতিয়াও দলৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই কিন্তু খুব কম সময়ৰ ভিতৰত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব বুলি প্ৰমোদ বড়োই সদৰী কৰে ।

চিদলী বিধানসভা সমষ্টিত একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ
লামডিং ৰেলৱে জংচনত অগ্নিকাণ্ড: উপস্থিত ৰেলৱে বিষয়া আৰু কৰ্মী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in