ডিজিটেল সংবাদ,ওদালগুৰি : "১৭ পূৰ্বে ট্ৰেক্টৰৰ স্পীড যিমান আছিল আজি তাতকৈ বেছি স্পীড হৈছে। ১৭ বছৰ পূৰ্বে মোৱাইল ফোনৰ ২জি স্পীড আছিল কিন্তু আজি ৫জি স্পীড চলি আছে। হাগ্ৰামাই ১৭ বছৰ পূৰ্বৰ পৃথিৱীতেই বাস কৰি আছে। সেয়েহে সেই সময়ৰ ট্ৰেক্টৰৰ স্পীডৰ লগত আজি তুলনা কৰিছে।" এই মন্তব্য বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ।
বড়োৱে শুকুৰবাৰে ওদালগুৰি জিলাত কেইৱাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পুৱা প্ৰায় ১০-৩০ বজাত প্ৰমোদ বড়ো উপস্থিত হয় ওদালগুৰি জিলা পৰিৱহণ বিভাগৰ কাৰ্যালয়ত। কাৰ্যালয়য় চৌহদত উপস্থিত হৈ ডি খাউলা সোৱৰণী ট্ৰাইবেল অতিথিগৃহৰ আধাৰশিলা স্থাপন কৰে।
ইয়াৰ পাছতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বড়োৱে কয়- "ওদালগুৰি জিলাখনৰ বাবে কেইবাটাও নতুন আঁচনি হাতত লোৱা হৈছে। ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাচ নিৰ্মান হ'বলৈ গৈ আছে। জিলাখনত এনআইটি প্ৰতিষ্ঠান এখনৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। ওদালগুৰি ১০০ বিচনাযুক্ত অসামৰিক চিকিৎসালয়ৰ সৈতে সংলগ্ন কৰি এখন নাৰ্চিং কলেজৰ কাম আৰম্ভ কৰা হৈছে।"
আনহাতে ওদালগুৰি নগৰখনৰ সৌন্দৰ্যবৰ্ধনৰ বাবে এই মাহতে এক বৃহৎ আঁচনি হাতত লোৱা বুলিও বড়োৱে উল্লেখ কৰে। ইফালে বড়োৱে হাগ্ৰামাক কটাক্ষ কৰি কয়- "এতিয়া বিপিএফ এটা দল হৈ থকা নাই। বিপিএফৰ এসময়ৰ মন্ত্ৰী বিধায়কসকলে এইবাৰ পৰিষদীয় নিৰ্বাচন খেলিব। তাত বৰাৰ পাছত আৰু কোনো উপায় নাথাকিব বিপিএফ নেতাসকলৰ। কোনো কোনো অঞ্চলত দুই এখন সভা পাতি সাংবাদিকৰ আগত কথা কোৱা বাবেহে আপোনালোকে বিপিএফ দল জীয়াই থকা বুলি ভাবি আছে।"
আনহাতে হাগ্ৰামাৰ মন্তব্যক কটাক্ষ কৰি বড়োৱে কয়- "হাগ্ৰামাই মুংগেৰীলালৰ সপোন দেখি আছে। তেখেতে সপোনতহে দেখি আছে যে বিপিএফৰ পৰা এজন কেন্দ্ৰীয় মন্ত্ৰী পাব। এয়া সপোনৰ বাহিৰে একো নহয়। হাগ্ৰামাই ১৭ বছৰৰ আগৰ পৃথিৱীত বাস কৰি আছে। সেইবাবে তেখেতে আজিৰ ট্ৰেক্টৰৰ স্পীডৰ বিষয়ে নাজানে। গতিকে আজি আমাৰ ইউপিপিএলৰ ট্ৰেক্টৰ ৫জি স্পীডত চলা দেখি হাগ্ৰামা আচৰিত হৈছে।"
ইয়াৰ পাছতে বড়োৱে ওদালগুৰিৰ মনপুৰত অনুষ্ঠিত এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত বিপিএফকে ধৰি কেইবাটাও দল সংগঠনৰ প্ৰায় সহস্ৰাধিক লোকে ইউপিপিএল দলত যোগদান কৰে।
উক্ত অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা আলোচনাত বড়োৱে কয়- "যোৱা ২০১৫ চনত ইউ জি ব্ৰহ্মৰ নেতৃত্বত গঠন হোৱা ইউপিপিএল দলৰ লক্ষ্য উদ্দেশ্য আজি সফল হোৱাৰ দিশত আগবাঢ়িছে। ইউপিপিএলৰ উদ্দেশ্য আছিল শান্তি প্ৰতিষ্ঠা কৰা। গতিকে বিটিআৰত বৰ্তমান পূৰ্ৱৰ ভয়ংকৰ সময়ৰ পৰিৱৰ্তে শান্তি বাতাৱৰণ আহিছে। যোৱা ১৭ বছৰে বিপিএফে সুযোগ পাই যিবোৰ উন্নয়ণ কৰিব পৰা নাই সেইবোৰ ইউপিপিএলে কৰি আছে। যাৰ বাবে আজি বিপিএফকহে বিফল বুলি কম।"
ইফালে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত কোনো মন্তব্য নকৰি নিৰ্বাচনলৈ বহু দিন থকা বুলিও উল্লেখ কৰে। আজিৰ ইউপিপিএলৰ কাৰ্যসূচীত মন্ত্ৰী ইউ জি ব্ৰহ্ম, উপমূখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ লগতে বহু ইউপিপিএলৰ নেতা কৰ্মী উপস্থিত থাকে।
Also Read: বঢ়মপুৰ সমষ্টিৰ খেল মহাৰণৰ শুভাৰম্ভ : ৫শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ