তামুলপুৰত বিটিআৰ চীফে উদযাপন কৰিলে শিক্ষক দিৱসৰ প্ৰাক সন্ধিয়া

তামুলপুৰত বিটিআৰ চীফে উদযাপন কৰিলে শিক্ষক দিৱসৰ প্ৰাক সন্ধিয়া
Published on
Updated on

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰত বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে উদযাপন কৰিলে শিক্ষক দিৱসৰ প্ৰাক সন্ধিয়া। মঙলবাৰে পৱিত্ৰ শিক্ষক দিৱস উপলক্ষে সমগ্ৰ দেশ তথা বিটিআৰৰ শিক্ষকসকললৈ অভিনন্দন জ্ঞাপন কৰে প্ৰমোদ বড়োৱে।

শিক্ষক দিৱসৰ প্ৰাক সন্ধিয়াত তামুলপুৰৰ কেইবাজনো শিক্ষকক সম্বৰ্ধনা জনাই বড়োৱে। অনুষ্ঠানত শিক্ষকৰ সৈতে মতবিনিময় কৰি বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে- সমগ্ৰ অসমৰ ভিতৰতে বিটিআৰত শিক্ষা ব্যৱস্থা উন্নত কৰাৰ বাবে কাম কৰি আছো। বিটিআৰৰ খালী হোৱা পদ সমূহ অনতিপলমে পূৰণ কৰা হ'ব ৷

তদুপৰি তেওঁ কয় যে- বিদ্যালয়সমূহত বিজ্ঞান পৰীক্ষাগাৰ নিৰ্মাণ কৰাৰ লগতে বিটিআৰত শিক্ষকক প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হৈছে ৷ উল্লেখ্য যে- অনুষ্ঠানত বিধায়ক জলেন দৈমাৰী, এম চি এল এ হেমন্ত কুমাৰ ৰাভা সহিতে কেইবাখনো বিদ্যালয়ৰ প্ৰধান শিক্ষক উপস্থিত আছিল ৷ নিজ সমষ্টি গয়বাৰীৰ শিক্ষানুষ্ঠানসমূহলৈ শিক্ষক দিৱস উপলক্ষে প্ৰশংসা পত্ৰ প্ৰদান কৰে বড়োৱে।

তামুলপুৰত বিটিআৰ চীফে উদযাপন কৰিলে শিক্ষক দিৱসৰ প্ৰাক সন্ধিয়া
গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ লক্ষাধিক টকাৰ বাৰ্মিজ চুপাৰি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in