গোসাঁইগাঁৱত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদযাপনৰ প্ৰস্তুতি

গোসাঁইগাঁৱত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদযাপনৰ প্ৰস্তুতি
Published on
Updated on

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত অহা ১ অক্টোবৰত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক জেষ্ঠ নাগৰিক দিৱস উদযাপন কৰিব সদৌ বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চই। এই কথা জনাইছে সদৌ বড়ো জ্যেষ্ঠ নাগৰিক মঞ্চৰ সাধাৰণ সম্পাদক অমৰসিং ব্ৰহ্মই ।

জানিবলৈ দিয়া মতে সেই দিনা পুৱা মঞ্চৰ পতাকাখন উত্তোলন কৰিব মঞ্চৰ সভাপতি পদ্মশ্ৰী মংগলসিং হাজোৱাৰীয়ে। ইয়াৰ পিছত স্বৰ্গীয় ড৹ অশিন্ত ৰূপ বসুমতাৰীৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰিব কুশল বসুমতাৰীয়ে ।

পুৱা ১১-৩০ বজাত নিমন্ত্ৰিত জ্যেষ্ঠসকলক জনোৱা হ'ব সম্বৰ্ধনা । আবেলি ২-৩০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বড়ো সাহিত্য সভাৰ উপ সভানেত্ৰী নীলিমা বসুমতাৰীয়ে ।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড৹ কামেশ্বৰ ব্ৰহ্মই। নিদিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব গোসাঁইগাঁও ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী হীৰাবাই নাৰ্জাৰীয়ে।

ইফালে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব IRSৰ অৱসৰপ্ৰাপ্ত বিষয়া জনকলাল বসুমতাৰী, বড়ো লিখক সংস্থাৰ সভাপতি ৰাজেন বসুমতাৰী আৰু গোসাঁইগাঁও ছোৱালী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অনুৰাণী বসুমতাৰীয়ে। যি সকল বড়ো জ্যেষ্ঠ নাগৰিকে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে অমৰসিং ব্ৰহ্মৰ সৈতে ৮১৩৫৮২৩১৪৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

গোসাঁইগাঁৱত আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস উদযাপনৰ প্ৰস্তুতি
নগাঁও গোপীনাথ দেৱগোস্বামী বাণিজ্য মহাবিদ্যালয়ত ৰক্তদান শিবিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in