ডিজিটেল সংবাদ, বাক্সা : দেওবাৰে মানাহত অবড়ো সুৰক্ষা সমিতিয়ে এক সংবাদমেল আয়োজন কৰি চিদলী সমষ্টিত অবড়োসকলক বিবেক ভোট দিয়াৰ বাবে আহ্বান জনায়। ইয়াৰ উপৰি চিদলী বিধানসভাৰ উপ- নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱ কুমাৰ শৰণীয়াই বিপিএফলৈ আগবঢ়োৱা সমৰ্থনৰ বিৰুদ্ধে অধিক সৰৱ হৈ পৰে।
সংগঠনটোৰ সম্পাদক জোন দাস নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে অধিক সৰৱ হৈ ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁ কয়- নৱ শৰণীয়াই ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবেহে চিদলীত বিপিএফক সমৰ্থন দিছে। অবড়োৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে নৱ শৰণীয়া আৰু হাগ্ৰামা মহিলাৰী।
Also Read: চতিয়াত জঘন্য কাণ্ড : তিনি সন্তানৰ পিতৃৰ কামনাৰ বলি হ’ল নাবালিকা