ডিজিটেল সংবাদ,চিৰাং: ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন। উপ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দল সমূহে ব্যাপক প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।
আজি ৩১ নং চিদলী বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ উদ্দেশ্য চিৰাং জিলাৰ বাসুগাঁও চহৰত আহি উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল, বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস, বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়সহ বিজেপিৰ নেতা, কৰ্মী। প্ৰথমে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত বাসুগাঁও চহৰৰ চিনিয়ৰ চিটিজেন প্ৰেক্ষাগৃহত এক দলীয় কৰ্মীসভাত অংশগ্ৰহণ কৰে।
সভাত অংশ গ্ৰহণ কৰি কেবিনেট মন্ত্ৰী অশোক সিংঘলে চিদলী সমষ্টিৰ সাধাৰণ ৰাইজৰ উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়। বাসুগাঁও চহৰৰ চিনিয়ৰ চিটিজেন প্ৰেক্ষাগৃহত সভা অনুষ্ঠিত কৰাৰ পিছতেই বাসুগাঁও চহৰৰে থুৰিবাৰীত মহিলা বিজেপি কৰ্মী সাথী দেৱনাথৰ বাসগৃহৰ চোতালত স্থানীয় মহিলাসকলৰ সৈতে এক সভাত অংশ গ্ৰহণ কৰে।
উক্ত সভাত মন্ত্ৰী সিংঘালে ভাষন প্ৰসংগত কয়, হাগ্ৰামা মহিলাৰীৰ দিনত বিটিচিত হত্যা হিংসাৰ পৰিৱেশ বিৰাজ কৰিছিল কিন্তু এতিয়া বিটিচিত প্ৰমোদ বড়োৰ ইউপিপিএল দলৰ সৈতে বিজেপিয়ে মিত্ৰজোঁট চৰকাৰ গঠন কৰাৰ পিছৰে পৰা বিটিআৰত হত্যা হিংসাৰ পৰিৱৰ্তে স্থায়ী শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে। সেয়ে বিটিআৰত স্থায়ী শান্তি আৰু উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ ৩১নং চিদলী বিধান সভা সমষ্টিৰ বিজেপি আৰু এজেপি সমৰ্থিত ইউপিপিএল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক বিপুল ভোটত বিজয় কৰাৰ লক্ষ্যৰে ভোট দান কৰিবলৈ ৰাইজক আহ্বান জনায়।
চিদলী সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী নাইবা প্ৰতীক চিহ্ন পদুম ফুল নাই যদিও ইউপিপিএল দলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ প্ৰতীক চিহ্ন ট্ৰেক্টৰৰ ছবিত ভোট দিলেই বিজেপি দলক ভোট দিয়া হ'ব বুলি উপস্থিত গৃহিনী তথা মহিলাসকলক উদ্দেশ্যি আহ্বান জনায়। আনহাতে আজি অনুষ্ঠিত সভাত বিজনী সমষ্টিৰ বিধায়ক অজয় কুমাৰ ৰায়ে ভাষণ প্ৰদান কৰি চিদলী সমষ্টিৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ আহ্বান জনায় ।
তাৰ পিছত বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে ভাৰতীয় জনতা পাৰ্টী দলে দেশৰ লগতে ৰাজ্যৰ মহিলাসকলক যেনে ধৰণৰ সন্মান প্ৰদান কৰিছে দেশৰ আন কোনো দলে মহিলাসকলক তেনে সন্মান প্ৰদান কৰা নাই। যাৰ বাবে দেশৰ লগতে ৰাজ্যৰ মহিলাসকল সম্প্ৰতী ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈছে বুলি দাবী কৰে।
সন্ধিয়াৰ ভাগত বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাসে যুৱ মৰ্চাৰ দলীয় নেতা কৰ্মীসকলক লগত লৈ বাসুগাঁও চহৰৰ ব্যবসায়ীক প্ৰতিষ্ঠানসমূহত প্ৰৱেশ কৰি ব্যবসায়ীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক এখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মক ভোটদান কৰিবলৈ আহ্বান জনায়।
আনপিনে চিদলী বিধানসভা সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীৰ হৈ পাৰিষদ পানীৰাম ব্ৰহ্মই আজি বাসুগাঁও চহৰত বিপিএফ দলৰ কাৰ্যালয়ত দলীয় নেতা কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু দলীয় কৰ্মীসকলক অহা কেইদিনত কিদৰে নিৰ্বাচনী প্ৰচাৰ চলাব তাৰ ৰণনীতি ওপৰত আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ।
ইপিনে চিদলী সমষ্টিৰ বিভিন্ন অঞ্চলত বিপিএফ দলৰ নেতা কৰ্মী সকলে নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ বিপৰীতে ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে বুলি জানিব পৰা গৈছে ।
Also Read: মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ বাছনিভুক্তৰ সৈতে বাৰ্তালাপ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ...