'হাতত বন্দুক লোৱা ল'ৰাই BPF গঠন কৰি বিটিচিলৈ শান্তি আনিছিল'- শুদ্ধ বসুমতাৰী...

চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰত অৱতীৰ্ণ হোৱা নেতা মন্ত্ৰীৰ বাকযুদ্ধ তুঙ্গত
'হাতত বন্দুক লোৱা ল'ৰাই BPF গঠন কৰি বিটিচিলৈ শান্তি আনিছিল'- শুদ্ধ বসুমতাৰী...
'হাতত বন্দুক লোৱা ল'ৰাই BPF গঠন কৰি বিটিচিলৈ শান্তি আনিছিল'- শুদ্ধ বসুমতাৰী...
Published on
Updated on

ডিজিটেল সংবাদ,চিৰাং: ৩১ নং চিদলী সমষ্টিৰ উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা ৰাজনৈতিক দলৰ নেতা মন্ত্ৰীসকলৰ মাজত বাক যুদ্ধই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। আজিৰ দিনটোত NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি মন্ত্ৰী অশোক সিংহালে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলক গণতন্ত্ৰৰ হত্যাকাৰী বুলি অনা অভিযোগৰ প্ৰতুত্ত্যৰ দিয়ে বিপিএফৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীয়ে।

বসুমতাৰীয়ে কয়, এই বিলাক মিছা কথা। নিৰ্বাচনী প্ৰচাৰত আহি জধেমধে কথা ক'লে নহ'ব নহয়। বৰঞ্চ বড়োলেণ্ড অঞ্চলৰ তদানীন্তন বি এল টিৰ নেতাসকলে ভাৰত মাতৃ ভূমিৰ পক্ষত থাকি অস্ত্ৰ এৰি বিটিচি চুক্তিৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা কৰিছিল আৰু এই বন্দুক হাতত লোৱা যুৱকসকলেই পৰৱৰ্তীসময়ত বিটিচিত শাসন কৰি উন্নয়নৰ এক নতুন ধাৰা আনিবলৈ সক্ষম হৈছিল।

হাগ্ৰামা মহিলাৰীৰ শাসন কালতেই NDFBৰ সৈতে ভাৰত চৰকাৰৰ যুদ্ধ বিৰতি চুক্তি সম্পাদিত হৈছিল। ইয়াৰ পিছতো যদি তদানীন্তন BLTৰ নেতা পৰৱৰ্তী সময়ত বিটিচি শাসন কৰা নেতাসকলৰ বিৰুদ্ধে এনে ধৰণৰ অভিযোগ উত্থাপন কৰে এয়া অতি দুৰ্ভাগ্যজনক।

আমি এই উপ নিৰ্বাচনত শাসকীয় দলৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছো আৰু ৰাইজে আমাক যেনেদৰে সঁহাৰি জনাইছে তাৰ পৰা আমাৰ বিজয় নিশ্চিত। আমাৰ উত্থানত শাসকীয় দলে নিশ্চয় শংকিত হৈছে। যাৰ বাবে এজনৰ পিছত এজন নেতা, মন্ত্ৰী চিদলী সমষ্টিত বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ চলাব লগা হৈছে।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পিছত অজ্ঞাতবাসত থকা বিপিএফ দলৰ উপ সভাপতি তথা বিটিচিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰীকো আজি বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে। কিন্তু ৰহস্যজনক ভাবে খাম্ফা বৰগয়াৰীয়ে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে ।

'হাতত বন্দুক লোৱা ল'ৰাই BPF গঠন কৰি বিটিচিলৈ শান্তি আনিছিল'- শুদ্ধ বসুমতাৰী...
মেৰাপানীৰ দৈয়াং নদীত মাছ ধৰিবলৈ গৈ এজন সন্ধানহীন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in