ডিজিটেল সংবাদ, চিৰাং: ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্য তুংগত উঠা পৰিলক্ষিত হৈছে । তাৰ মাজতেই চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত সংখ্যালঘু ভোটাৰ ৰাইজক লৈ দুই ৰাজনৈতিক দলৰ নেতাসকলৰ মাজত খোৱা কামোৰা আৰম্ভ হৈছে।
কাৰণ ৩১ নং চিদলী বিধানসভা সমষ্টিত কোনো এজন প্ৰাৰ্থীৰ বিজয়ৰ ক্ষেত্ৰত সংখ্যালঘু ভোটাৰসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থাকে। সেয়ে ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত সংখ্যালঘু ভোটাৰসকলক নিজৰ পক্ষত অনাৰ বাবে সমষ্টিটোৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা বিশেষকৈ দুই ৰাজনৈতিক দল ইউপিপিএল আৰু বিপিএফৰ সংখ্যালঘু নেতাসকলৰ মাজত আৰম্ভ হৈছে অঘোষিত প্ৰতিযোগিতা।
আজি চিদলীৰ কাশিকোত্ৰাত ইউপিপিএলৰ সংখ্যালঘু কোষৰ নেতা কৰ্মীসকলক লৈ সংখ্যালঘু কোষৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নজৰুল ইছলামৰ সংবাদমেল অনুষ্ঠিত কৰি আৰম্ভণিতে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দলৰ বিৰুদ্ধে আক্ৰমনাত্মক হৈ কয় যে, বিপিএফ দল হৈছে এটা মুছলমান বিৰোধী ৰাজনৈতিক দল।
কাৰণ ২০১২ চনৰ গোষ্ঠীগত সংঘৰ্ষৰ কথা মুছলমানসকলে পাহৰি যোৱা নাই, এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ আঁৰত যুৱ বিপিএফৰ সদস্য পোনপটিয়াকৈ জড়িত আছিল বুলি তথ্য সহকাৰে দাবী কৰে। মুঠৰ ওপৰত বিটিআৰ এলেকাত বসবাস কৰা ভূমিহীন মুছলমানসকলৰ ভূমিৰ সমস্যা দূৰ কৰিবলৈ কোনোদিনে চেষ্টা কৰা নাছিল। বৰঞ্চ মুছলমান লোকসকলক অবৈধ দখলকাৰী বুলি আখ্যা দি জাননী জাৰি কৰিছিল।
কিন্তু বৰ্তমান প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউপিপিএল দলৰ চৰকাৰখনে মুছলমানসকলৰ ভূমিৰ সমস্যা দূৰ কৰাৰ কাৰণে কাৰ্য্যকৰী পদক্ষেপ গ্ৰহণ কৰিছে আৰু ইতিমধ্যে ভূমিহীন মুছলমান লোকৰ মাজত ভূমি বন্দোৱিস্তৰ নথিপত্ৰ প্ৰদান কৰাৰ কাম আৰম্ভ কৰিছে বুলি দাবী কৰে। কিন্তু সম্প্ৰতী চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰচাৰ কৰিবলৈ আহি হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলৰ যুৱ শাখাৰ নেতা শ্বাহজাহান আলীয়ে ভুল তথ্য আৰু বিভ্ৰান্তিকৰ কথা বতৰাৰে সংখ্যালঘু লোকসকলক বিপথে পৰিচালিত কৰি থকা সংবাদ মাধ্যমৰ জৰিয়তে দৃষ্টিগোচৰ হৈছে বুলি নজৰুল ইছলামে সংবাদ মাধ্যমৰ আগত সদৰি কৰে ।
যুৱ বিপিএফৰ নেতা শ্বাহজাহান আলীয়ে ইয়াতে ক্ষান্ত নাথাকি চৰকাৰী ভূমিৰ বন্দোৱস্তি লাভ কৰা হিতাধিকাৰীসকলৰ তালিকা বিকৃত কৰি ৰাইজৰ মাজত গৈ অপপ্ৰচাৰ চলাই আছে যিটো আমি ইউপিপিএল দল হিচাপে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। চৰকাৰী নথিপত্ৰ বিকৃত কৰা আৰু বিভ্ৰান্তিকৰ তথ্য ৰাইজৰ মাজত প্ৰচাৰ কৰা যুৱ বিপিএফৰ নেতা শ্বাহজাহান আলীৰ বিৰুদ্ধে ইউপিপিএল দলে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে।
উল্লেখ্য যে তিনিদিন আগত যুৱ বিপিএফৰ নেতা শ্বাহজাহান আলীয়ে সংবাদ মাধ্যমৰ এক অভিযোগ কৰিছিল যে, প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউপিপিএল দলৰ মুছলমান নেতা পালিনেতাসকলে সংখ্যালঘু অধ্যূষিত এলেকাত গৈ প্ৰচাৰ চলাই আছে যে প্ৰমোদ বড়ো বিটিআৰ চৰকাৰে মুছলমান ভূমিহীন লোকৰ মাজত ভূমিপট্টা বিতৰণ কৰি আছে।
দৰাচলতে ইউপিপিএল চৰকাৰৰ পৰা যি ভূমিপট্টা বুলি কৈ যি নথিপত্ৰ বিতৰণ কৰি আছে সেয়া আচলতে ভূমি বন্দোৱস্তিৰ প্ৰমান পত্ৰহে। ভূমিপট্টাৰ কথা কৈ ইউপিপিএল চৰকাৰখনে ধৰ্মীয় সংখ্যালঘু লোকসকলক ভুল পথে পৰিচালিত কৰি আছে বুলি মন্তব্য কৰিছিল।
ইয়াৰ পিছতেই বিপিএফ দলৰ যুৱ শাখাৰ নেতা শ্বাহজাহান আলী আৰু ইউপিপিএল দলৰ সংখ্যালঘু কোষৰ নেতাসকলৰ মাজত সামাজিক মাধ্যমত আৰম্ভ হয় তীব্ৰ বাকযুদ্ধ আৰু আজি সংবাদ মেল অনুষ্ঠিত কৰি ইউপিপিএল দলৰ সংখ্যালঘু কোষৰ নেতাসকলে বিপিএফ দলৰ বিৰুদ্ধে বিষোদগাৰ প্ৰকাশ কৰে। সংখ্যালঘু সমাজক বিপিএফ নেতাৰ বিভ্ৰান্তিকৰ কথাত ভোল নাযাবলৈ আহ্বান জনায় ।
আজিৰ সংবাদমেলত ইউপিপিএল দলৰ সংখ্যালঘু কোষৰ নেতা মইদুল ইছলাম, মহিদুল ইছলাম আহমেদ, গুলজাৰ হুছেইন, ছাইফুল হক, ছোহৰাব খান, আবু ছায়েদ আনছাৰী, আবুল কালাম আজাদ, মতিউৰ ৰহমান সহ কেইবাজনো নতা কৰ্মী উপস্থিত থাকে।
Also Read: উৰিয়া গাঁৱত সিন্ধুৰা হাজৰিকা সোৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আৰম্ভ...