প্ৰচাৰৰ অন্তিম মুহূৰ্তত কংগ্ৰেছৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰীৰ বিষ্ফোৰক অভিযোগ...

বি পি এফৰ ভোট বিভাজন কৰিবলৈ ইউ পি পি এলৰ পৰা টকা লৈ প্ৰাৰ্থী দিছে কংগ্ৰেছে- হাগ্ৰামা মহিলাৰী

author-image
Asomiya Pratidin
New Update
প্ৰচাৰৰ অন্তিম মুহূৰ্তত কংগ্ৰেছৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰীৰ বিষ্ফোৰক অভিযোগ...

প্ৰচাৰৰ অন্তিম মুহূৰ্তত কংগ্ৰেছৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰীৰ বিষ্ফোৰক অভিযোগ...

ডিজিটেল সংবাদ, চিৰাং: চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ অন্তিমটো দিনত বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ আন এক ৰাজনৈতিক বিষ্ফোৰণ । চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰা কংগ্ৰেছ দল বিক্ৰী হৈছে বুলি মন্তব্য কৰে বি পি এফৰ মুৰব্বীগৰাকীয়ে ।

ইউপিপিএল দলৰ পৰা কংগ্ৰেছ দলৰ মানুহে টকা লৈছে বুলি মই শুনিছো বুলি দাবী কৰে তেওঁ। মহিলাৰীয়ে কয়, চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত আমাৰ বিপিএফ দলৰ ভোট কাটিবলৈ ইউপিপিএল দলৰ পৰা কংগ্ৰেছৰ মানুহে পইচা লৈছে বুলি মই শুনিছো।আমাৰ ভোট কাটিবলৈ কংগ্ৰেছ দলে এই কামটো কৰিছে।

এই উপ-নিৰ্বাচনত প্ৰমোদ বড়োৱে যদি আৰক্ষী-প্ৰশাসনক ব্যৱহাৰ কৰি যদি কোনো ধৰণৰ গণ্ডগোল নকৰে তেনেহলে চিদলী বিধানসভা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীৰ বিজয় নিশ্চিত বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে। বিগত লোকসভা নিৰ্বাচনৰ সময়তো ইউপিপিএল দলে প্ৰশাসনৰ সৈতে মিলি গণ্ডগোল কৰিছিল যাৰ কাৰণে আমি বিপিএফ দল হাৰিব লগা হৈছিল।

আজি চিদলীৰ সংখ্যালঘু অধ্যুষিত এলেকা মোজাবাৰীত চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ অন্তিম প্ৰচাৰসভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলায় আৰু বিপিএফ দলৰ প্ৰাৰ্থী শুদ্ধ বসুমতাৰীক বিপুল হাৰত ভোটদান কৰি বিজয়ী কৰিবলৈ আহ্বান জনায়।

Also Read: চিদলীত প্ৰমোদ বড়ো আৰু অশোক সিংহলৰ সংবাদ মেল...

হাগ্ৰামা মহিলাৰী ইউ পি পি এল চিদলী বিধানসভা সমষ্টি