১৭ দিনৰ পাছত সুৰংগৰ পৰা ওলাই কোকৰাঝাৰৰ সঞ্জয় আৰু ৰামপ্ৰসাদে ক'লে- সুস্থ হৈ আছোঁ...

১৭ দিনৰ পাছত সুৰংগৰ পৰা ওলাই কোকৰাঝাৰৰ সঞ্জয় আৰু ৰামপ্ৰসাদে ক'লে- সুস্থ হৈ আছোঁ...
১৭ দিনৰ পাছত সুৰংগৰ পৰা ওলাই কোকৰাঝাৰৰ সঞ্জয় আৰু ৰামপ্ৰসাদে ক'লে- সুস্থ হৈ আছোঁ...
Published on
Updated on

ডিজিটেল ডেস্কঃ ১৭ দিনৰ অন্তত মঙ্গলবাৰে নিশা উদ্ধাৰ হ'ল উত্তৰকাশীৰ ছিল্কিয়াৰা সুৰংগত আৱদ্ধ হৈ থকা ৪১ গৰাকীকৈ শ্ৰমিক। ইয়াৰ লগে লগে এক শ্বাসৰুদ্ধকাৰী অভিযানৰ অন্ত পৰিছে। লগে লগে অন্ত পৰিল দেশৰ ভিন্ন স্থানৰ ৪১ টাকৈ পৰিয়ালৰ দুঃচিন্তা।

এই সুৰংগত আৱদ্ধ হৈ আছিল কোকৰাঝাৰৰো দুজনকৈ শ্ৰমিক। এই শ্ৰমিক দুগৰাকী ক্ৰমে কোকৰাঝাৰ জিলাৰ ৰামফলবিলৰ ৰামুপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী। এই দুয়ো শ্ৰমিকো সুশৰীৰে সুংৰগৰ ভিতৰৰ পৰা উদ্ধাৰ হোৱাত দুয়োটা পৰিয়ালতে আনন্দৰ বন্যা বৈছে।

নিশা এই দুয়ো শ্ৰমিক উদ্ধাৰ হোৱাৰ খবৰ পোৱা মাত্ৰকে গাওঁখনৰ লোকসকল তেওঁলোকৰ ঘৰত আহি ভিৰ কৰেহি আৰু আনন্দত আত্মহাৰা হৈ পৰে। তেওঁলোকে এই উদ্ধাৰকাৰ্যৰ বাবে চৰকাৰ তথা প্ৰশাসনক ধন্যবাদ জনোৱাৰ লগতে নেদেখাজনকো প্ৰণাম জনায়।

চলিত বৰ্ষতে উত্তৰকাশীৰ সুৰংগ নিৰ্মাণৰ শ্ৰমিক হিচাপে কৰ্মৰ সংস্থাপনত উলাই যোৱা এই দুই লোক কালক্ৰমত সুৰংগৰ ভিতৰত আৱদ্ধ হৈ আছিল। প্ৰায় ১৭ দিনীয়া প্ৰচেষ্টাৰ অন্তত তেওঁলোক দুয়োজনো সুস্থ শৰীৰে সুৰংগৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই অহাত সকলোৱে স্বস্তিৰ নিশ্বাস ত্যাগ কৰিছে।

সুৰংগৰ বাহিৰত বিগত দিন কেইটাত অপেক্ষাৰত অৱস্থাত থকা সঞ্জয় বুসমতাৰী ভাতৃ ৰকেট বসুমতাৰী আৰু ৰামপ্ৰসাদ নাৰ্জাৰীৰ ভাতৃ ৰমেন নাৰ্জাৰীয়ে দুয়োজন শ্ৰমিক উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালৰ লোকৰ সৈতে মোবাইলৰ জৰিয়তে কথা পাতি দুয়ো সুস্থ হৈ আছে বুলি অৱগত কৰিছে। বৰ্তমান দুয়ো উত্তৰাখণ্ড চৰকাৰৰ তত্বৱধানত চিকিৎসালয়ত ভৰ্তি হৈ আছে। তেওঁলোক দুয়োজন উদ্ধাৰ হোৱাৰ বাবে ঘৰতে আৰাধ্য দেৱতা বাথৌৰ ওচৰত প্ৰাৰ্থনাও কৰিছে।

১৭ দিনৰ পাছত সুৰংগৰ পৰা ওলাই কোকৰাঝাৰৰ সঞ্জয় আৰু ৰামপ্ৰসাদে ক'লে- সুস্থ হৈ আছোঁ...
ছিপাঝাৰত আলট্ৰাৰ খুন্দাত এজন নিহতঃ গুৰুতৰভাৱে আহত আন এজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in