ডিজিটেল ডেস্কঃ বিশ্বনাথ আৰু শোণিতপুৰ জিলাৰ মুঠ ১৯ খন গাওঁ বি টি আৰ অন্তৰ্ভুক্তিত অনুমোদন জনাইছে ৰাজ্যপালে। ২১ ছেপ্টেম্বৰত ৰাজ্যপাল ভৱনৰ পৰা জাৰি হোৱা এই সংক্ৰান্তিয় এক নিৰ্দেশনাৰ জৰিয়তে বি টি আৰত বিশ্বনাথ আৰু শোণিতপুৰৰ গাওঁ অন্তৰ্ভুক্তিৰ কথা অৱগত কৰা হৈছে। এই ১৯ খন গাঁৱৰ প্ৰশাসনীয় জিলা হ'ব ওদালগুৰি।
No. E-233475/387 নিৰ্দেশনাৰ জৰিয়তে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ দফা ১(৩)(d) আৰু (g) অনুসৰি বি টি আৰ অঞ্চলত অতিৰিক্ত গাওঁ অন্তুৰ্ভুক্তিৰ সন্দৰ্ভত বি টি আৰৰ অধীনত অন্তুৰ্ভুক্ত এলেকাৰ পৰিৱৰ্তন আয়োগৰ অন্তৱৰ্তী প্ৰতিবেদনৰ পাছতে বিশ্বনাথ আৰু শোণিতপুৰৰ এই ১৯ খন গাওঁ বি টি আৰৰ অধীনৰ ওদালগুৰি জিলালৈ বদলি কৰা হৈছে।
এই গাওঁ কেইখন ক্ৰমে বিশ্বনাথ জিলাৰ লক্ষীপথাৰ (ফৰেষ্ট ভিলেজ), জয়সিদ্ধি (ৰাজহ গাওঁ), ৰাজগড় বালিজান (ফৰেষ্ট ভিলেজ), পাছলগি মিলনপুৰ (ফৰেষ্ট ভিলেজ), বলমগুৰি এফ আৰ চি, হিমাজুলি এফ আৰ চি, গৱজনজুলি এফ আৰ চি, বিহমাৰি লক্ষীপথাৰ গাওঁ (ফৰেষ্ট ভিলেজ), ৰংপুৰ এফ আৰ চি, নঘৰিয়া গড় বালিজান, শোণিতপুৰৰ উৰহীলগা (ফৰেষ্ট ভিলেজ), গাধাজুলি, দপদপি মানশ্ৰী কছাৰী বনাই গাওঁ (ফৰেষ্ট ভিলেজ), হেংনাপুৰ, ঔবাৰী (ফৰেষ্ট ভিলেজ), দুইমালু (ফৰেষ্ট ভলিজে) আৰু হাতৰখিপাৰা।
Also Read: যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে শংকৰজ্যোতি বৰুৱা...