বাসুগাঁৱত ভাৰতীয় ষ্টেট বেংকৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...
বাসুগাঁৱত ভাৰতীয় ষ্টেট বেংকৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...

বাসুগাঁৱত ভাৰতীয় ষ্টেট বেংকৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...

Published on

ডিজিটেল সংবাদ চিৰাং: আজি দেশৰ অন্যতম বিত্তীয় প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। সমগ্ৰ দেশৰ লগতে আজি ভাৰতীয় ষ্টেট বেংকৰ বাসুগাঁও শাখাত প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।

ভাৰতীয় ষ্টেট বেংকৰ বাসুগাঁও শাখাৰ কিছু আমন্ত্ৰিত গ্ৰাহক আৰু বেংকৰ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিত বাসুগাঁও শাখা প্ৰবন্ধক যুগল বৰুৱাই কেক কাটি প্ৰতিষ্ঠা দিৱস কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। তাৰ পিছত আমন্ত্ৰিত গ্ৰাহক তথা অতিথিসকলক এখনকৈ ফুলাম গামোছাৰে আঁদৰণি জনায়।

শাখা প্ৰবন্ধক যুগল বৰুৱাই ভাষণ প্ৰসংগত ভাৰতীয় ষ্টেট বেংকৰ কিছু ইতিহাস দাঙি ধৰে আৰু ভাৰতীয় ষ্টেট বেংকে কিদৰে দেশৰ অৰ্থনীতি ব্যবস্থাটোক অধিক শক্তিশালী ৰূপত কৰি দেশৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰি আছে তাৰ কিছু আভাষ দিয়ে ।

বৰ্তমান সময়ত দেশত বিভিন্ন ব্যক্তিগত খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠান আহিছে । বেঙ্কিং ক্ষেত্ৰত যথেষ্ট প্ৰতিযোগিতা আহিছে। তাৰ মাজতো ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকসকলক উন্নত গ্ৰাহক সেৱাৰ মাজেৰে কাম কৰি গৈ আছে বুলি সদৰি কৰে তেওঁ ।

তাৰ পিছত সাংবাদিক জয়ন্ত দেবনাথে দেশৰ অৰ্থনীতিত ভাৰতীয় ষ্টেট বেংকৰ অবদান আৰু ভাৰতীয়সকলৰ অতি বিশ্বস্ত বিত্তীয় প্ৰতিষ্ঠান হিচাপে চিহ্নীত ভাৰতীয় ষ্টেট বেংকৰ সন্দৰ্ভত কিছু মন্তব্য আগবঢ়ায়। তাৰ পিছত উপস্থিতি গ্ৰাহকসকলক লঘু জলপান আগবঢ়াই অনুষ্ঠানৰ সামৰণি কৰে।

বাসুগাঁৱত ভাৰতীয় ষ্টেট বেংকৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন...
৩ নতুন ফৌজদাৰী আইন সন্দৰ্ভত ধেমাজি সদৰ আৰক্ষী থানাত সজাগতা সভা সম্পন্ন
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in