কোকৰাঝাৰত আৰম্ভ ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা...

কোকৰাঝাৰত আজিৰে পৰা আৰম্ভ ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা-২০২৪ ৷ ব্ৰাফেড’ৰ উদ্যোগত আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰাণালয়ৰ সহযোগত ১৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ।

author-image
Asomiya Pratidin
New Update
হস্ততাত বস্ত্ৰ মেলা

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিটিচিৰ সদৰ কোকৰাঝাৰত আজিৰে পৰা আৰম্ভ হৈছে ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলা-২০২৪ ৷ ব্ৰাফেড’ৰ উদ্যোগত আৰু কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰাণালয়ৰ সহযোগত কোকৰাঝাৰ পাগলাবাবা মন্দিৰৰ সন্মুখত তথা টাইকোয়ানডো এছোচিয়েচনৰ পথাৰত আজিৰে পৰা ১৪ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা উক্ত মেলাৰ মুখ্যদ্বাৰ উদঘাটন আৰু বন্তি প্ৰজ্বলনেৰে মুকলি কৰে কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্মই ৷

হস্ততাঁত বস্ত্ৰ মেলাখনত জন্মু কাশ্মীৰ, হাৰিয়ানা, পশ্চিমবংগ, পঞ্জাৱ, মণিপুৰ আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও অসম আৰু বিটিআৰ এলেকাৰ ৬০ খন বিপনীয়ে অংশগ্ৰহণ কৰে ৷ মুকলি অনুষ্ঠানত ব্ৰাফেডৰ পৰিচালন সঞ্চালক ৰক্তিম বুঢ়াগোঁহাই আৰু কোকৰাঝাৰৰ পৌৰপতি প্ৰতিভা ব্ৰহ্মই কয় যে, হস্ততাঁত বস্ত্ৰমেলাৰ জৰিয়তে বিশেষকৈ বিটিআৰ এলেকাৰ শিপিনীসকলে নিজে ঘৰতে তৈয়াৰ কৰা হস্ততাঁতৰ বিভিন্ন সামগ্ৰীসমূহ বিক্ৰী কৰিবলৈ এক বজাৰ পাব আৰু ইয়াৰ দ্বাৰা শিপিনীসকল যথেষ্ট উপকৃত হ'ব ।

আজিৰে পৰা আৰম্ভ হোৱা ৰাজ্যিক হস্ততাঁত বস্ত্ৰ মেলাত ক্ৰেতাসকলৰ সঁহাৰি পাব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তা ব্ৰফেডে। 

কোকৰাঝাৰ বস্ত্ৰ শিল্প