ডিজিটেল সংবাদ, চিৰাং: শাৰদীয় দুৰ্গাপূজাৰ মাজতেই চিৰাং জিলাৰ বাসুগাঁৱত ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ পালন। উৎসৱৰ বতৰত যাতে পথ দুৰ্ঘটনা পতিত হৈ কোনো লোকৰ অকাল মৃত্যু নহয় আৰু সেই মৃত্যুৰ ফলত যাতে কোনো এটা পৰিয়াল নিঠৰুৱা নহয় সেই উদ্দেশ্য আগত ৰাখিয়েই মহাসপ্তমী পূজাৰ দিনাই চিৰাং জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত বাসুগাঁও থানাৰ আৰক্ষী আৰু বাসুগাঁও প্ৰেছ ক্লাৱৰ সহযোগত এক পথ সুৰক্ষাৰ ওপৰত এক সজাগতামূলক অভিযান চলোৱা হয় ।
বাসুগাঁও চহৰৰ মুখ্য পথত অৱস্থান কৰি আজি হেলমেট পৰিধান নকৰা মটৰচাইকেল আৰহী আৰু ছিটবেল্ট ব্যৱহাৰ নকৰা চালকসকলক জৰিমনা নকৰি তেওঁলোকক পথ সুৰক্ষা সন্দৰ্ভত বুজনি দিয়াৰ লগতে সজাগতামূলক প্ৰচাৰ পত্ৰিকা হাতত দি পঠিয়াই দিয়া হয়।
ইপিনে দুৰ্গাপূজাৰ সময়ছোৱাত বাসুগাঁও চহৰৰ মাজমজিয়াত জিলা পথ সুৰক্ষাৰ সমিতিৰ এই সজাগতামূলক অনুষ্ঠান আয়োজন কৰাৰ পিছত হেলমেট পৰিধান নকৰা মটৰচাইকেল আৰোহীসকলৰ মাজত হুৱাদুৱা লাগি যায়। ইয়াৰ মাজতেই বহুত আমোদজনক দৃশ্য দেখিবলৈ পোৱা যায় ।
জিলা পথ সুৰক্ষা সমিতিৰ হৈ সজাগতামূলক অভিযানত অংশগ্ৰহণ কৰা সদস্যসকলে যানবাহন আৰক্ষীক দেখি পলাবলৈ চেষ্টা কৰা হেলমেট বিহীন মটৰচাইকেল আৰহীসকলক মাতি আনি তেওঁলোকক জৰিমনা নকৰি সতৰ্কবাণী দি এৰি দিয়াৰ পিছত হেলমেট পৰিধান নকৰা মটৰচাইকেল আৰোহীসকলে স্বস্তিৰ নিশ্বাস পেলায়।
আজিৰ বাসুগাঁৱৰ পথ সুৰক্ষা অভিযান কাৰ্য্যসূচীত জিলা পথ সুৰক্ষা সমিতিৰ হৈ গড়কাপ্তানি বিভাগৰ সহকাৰী অভিযন্তা জয় প্ৰকাশ মুছাহাৰী, বাসুগাঁও থানাৰসহ পৰিদৰ্শক সুনীল কুমাৰ গুৰুং, বাসুগাঁও প্ৰেছ ক্লাৱৰ হৈ জ্যেষ্ঠ সাংবাদিক জয়ন্ত দেবনাথ, প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰসেনজিত কুমাৰ ৰায়, সাংবাদিক হীৰকজ্যোতি মেধী সহ গড়কাপ্তানি বিভাগৰ বহুকেই গৰাকী কণিষ্ঠ অভিযন্তা উপষ্ঠিত থাকে ।
Also Read: পূজাৰ বতৰত ঢকুৱাখনাত চুলাই বিৰোধী অভিযান