ডিজিটেল সংবাদ চিৰাংঃ চিৰাং জিলাৰ বিজনীৰ পানবাৰী ৰাণীঘাট বনভোজস্থলীৰ সমীপত হাকুৱা নৈত গাঁ ধুৱলৈ আহি এজন কলেজীয়া ছাত্ৰৰ সলিল সমাধি হোৱাৰ শোকাবহ ঘটনা সংঘটিত হয় । প্ৰাপ্ত খবৰ অনুযায়ী সোমবাৰ বিয়লি তিনি বজাত বাক্সা আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী ৰাণীঘাট বনভোজস্থলীৰ সমীপৰ হাকুৱা নৈত সমনীয়াৰ সৈতে হাকুৱা নৈত গা-ধুৱলৈ আহি সৰভোগ বৰনগৰ মহাবিদ্যালয়ৰ এগৰাকী ১৯ বছৰীয়া ছাত্ৰ নৈৰ বুকুত সন্ধানহীন হয় ।
গাঁ ধুই থাকোতে হঠাতেই পানীত সন্ধানহীন হোৱাত বন্ধু সকলৰ মাজত হুৱাদুৱা লাগে। খবৰ লাভ কৰি প্ৰথমে স্থানীয় লোক ঘটনাস্থলীত আহি উপস্থিত হৈ পানীত নামি সন্ধানত নামি পৰে যদিও নিখোজ হৈ থকা ছাত্ৰজনৰ কোনো শুংসূত্ৰ লাভ নকৰাত পানবাৰী আৰক্ষী থানাক ঘটনা সন্দৰ্ভত অৱগত কৰা হয় ।
আৰক্ষীৰ লোক আহি সন্ধানহীন হোৱা ছাত্ৰ জনক সৰভোগ থানাৰ অন্তৰ্গত বইৰাপুৰাৰ নিকুঞ্জ মজুমদাৰৰ একমাত্ৰ ১৯ বছৰীয়া পুত্ৰ ৰাহুল মজুমদাৰ বুলি চিনাক্ত কৰে। আৰক্ষীয়ে এচ ডি আৰ এফক খবৰ দিয়ে । এচ ডি আৰ এফ বাহিনীয়ে চাৰি ঘন্টা সময় হাকুৱা নৈৰ পানীত উদ্ধাৰ অভিযান চলাই নিৰুদ্দেশ হৈ থকা ৰাহুল মজুমদাৰৰ নিথৰ দেহ উদ্ধাৰ কৰে । মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত নৈৰ পাৰত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ।
Also Read: কাজিৰঙাত গঁড়ৰ আক্ৰমণত বনকৰ্মী আহত...