ডিজিটেল সংবাদ চিৰাংঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত চিৰাং জিলা প্ৰশাসন আৰু দিশা এনজিঅ'ৰ সহযোগত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চিদলী বিধানসভা ভিত্তিত যোৱা ১৫ জুলাইৰ পৰা আৰম্ভ হোৱা ১০ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি সফল সামৰণি পৰে। বৃহত্তৰ বাসুগাঁও অঞ্চলৰ ৯ খন চৰকাৰী বিদ্যালয়ৰ ১১০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই ১০ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাত বড়ো, কোচ-ৰাজবংশী, চাহ জনগোষ্ঠীয় লোকনৃত্য, নাট্যাভিনয়, চিত্ৰ আৰু শিল্পকলাৰ ওপৰত প্ৰশিক্ষণ আগবঢ়োৱা হয় ।
লোকনৃত্যৰ প্ৰশিক্ষণ আগবঢ়ায় ক্ৰমে সুগৌম ব্ৰহ্ম, ৰাজু বিশ্বাস, চিত্ৰাঙ্কনৰ প্ৰশিক্ষণ আগবঢ়ায় ক্ৰমে দিব্যজ্যোতি গগৈ, তপন পোখৰেল আৰু শিল্পকলাৰ প্ৰশিক্ষণ আগবঢ়ায় সঙ্গীতা তালুকদাৰে। লগতে নাট্যাভিনয়ৰ প্ৰশিক্ষণ আগবঢ়ায় সাংবাদিক তথা নাট্যকৰ্মী সীমান্ত ৰয় চৌধুৰী আৰু জ্যোতি প্ৰসাদ দাসে।
আজি সামৰণি অনুষ্ঠান উপলক্ষে বিগত ১০ দিনত প্ৰশিক্ষণৰত অৱস্থাত ছাত্ৰ-ছাত্ৰীসকলে অংকন কৰা চিত্ৰ আৰু শিল্পকলা (ক্ৰাপট্ আৰ্ট) ৰ এক সুন্দৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয়। এই প্ৰদৰ্শনীয়ে উপস্থিত দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় ।
তদুপৰি কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় । শাস্ত্ৰীয় নৃত্যৰে আৰম্ভণি হোৱা অনুষ্ঠানটোত প্ৰশিক্ষাৰ্থীসকলে বড়ো, কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীয় লোকনৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও এখন চুটি নাটক মঞ্চস্থ কৰি উপস্থিত অতিথি আৰু দৰ্শকসকলৰ মন জয় কৰিবলৈ সক্ষম হয়।
আজিৰ এই সামৰণি অনুষ্ঠানত বিগত ১০ দিনত ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণ আগবঢ়োৱা সমল ব্যক্তিসকলক দিশা এনজিঅ'ৰ ফালৰ পৰা এখন আৰ'নাই আৰু প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । তাৰ পিছত কৰ্মশালাত অংশগ্ৰহণকাৰী ১১০ গৰাকী প্ৰশিক্ষাৰ্থী ছাত্ৰ-ছাত্ৰীক একোখনকৈ প্ৰমান পত্ৰ বিতৰণ কৰাৰ উপৰিও প্ৰশিক্ষণ কালত প্ৰতিটো শিতানত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰা ১৫ গৰাকী ছাত্ৰ-ছাত্ৰীক আটকধুনীয়া ট্ৰফী পুৰষ্কাৰ হিচাপে আগবঢ়োৱা হয় ।
সাংবাদিক তথা দিশা এনজিঅ'ৰ সভাপতি জয়ন্ত দেৱনাথে সঞ্চালনা কৰা আজিৰ এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্পনা নাথ, বিবেকানন্দ এম ই স্কুলৰ প্ৰধান শিক্ষক সুশীল তালুকদাৰ, বাসুগাঁও পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ ৰীতা তালুকদাৰ, সহকাৰী শিক্ষক ৰীপন বসুমতাৰী, বিশিষ্ট সমাজকৰ্মী চন্দন দাস, দিশা এনজিঅ'ৰ সাধাৰণ সম্পাদক অলক কুমাৰ সাহা, সদস্য অশোক চক্ৰবৰ্তী, অখিল প্ৰধানসহ অন্যান্য বিষয়ববীয়াসকল।
আজিৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ লুপ্ত প্ৰতিভাৰ উৎকৃষ্ট প্ৰদৰ্শন দেখি উপস্থিত অতিথিসকলৰ উপৰিও অভিভাৱকসকল নথৈ আনন্দিত হোৱাৰ লগতে চৰকাৰৰ এই পদক্ষেপৰ শলাগ লয়। তেওঁলোকে আগলৈ গ্ৰীষ্মকালীন বন্ধ সময়চোৱাত এনেধৰনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।