চিদলীৰ বাবে বি পি এফৰ সিদ্ধান্ত 'শুদ্ধ'...

৩১ নং চিদলী বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাৰ্থী ঘোষণা বি পি এফৰ
চিদলীৰ বাবে বি পি এফৰ সিদ্ধান্ত 'শুদ্ধ'...
চিদলীৰ বাবে বি পি এফৰ সিদ্ধান্ত 'শুদ্ধ'...
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং: ৩১ নং চিদলী বিধান সভা সমষ্টিৰ উপ নিৰ্বাচন অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব। উপ নিৰ্বাচনৰ দিন তাৰিখ ঠিক হোৱাৰ পিছতেই দলৰ পৰা কোনে প্ৰাৰ্থিত্ব লাভ কৰিব তাকে লৈ দলৰ মাজত ব্যাপক চৰ্চা চলি থকাৰ মাজতেই আজি সকলো উৎকন্ঠাৰ অন্ত পেলাই কাজলগাঁৱস্থিত বিপিএফৰ জিলা কাৰ্যালয়ত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী, প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম, বিপিএফৰ জ্যেষ্ঠ নেতা দেৰহাসাত বসুমতাৰী আৰু বিপিএফৰ কেইবাগৰাকী নেতৃত্বতৰ উপস্থিতিত বিপিএফৰ প্ৰাৰ্থী হিচাপে শুদ্ধ বসুমতাৰীৰ নাম আনুষ্ঠানিক ভাবে ঘোষণা কৰে।

বিপিএফৰ প্ৰাৰ্থী গৰাকীৰ নাম ঘোষণা কৰাৰ পিচতেই বিপিএফৰ দলীয় কৰ্মী সকলৰ মাজত ব্যাপক উৎসাহ উদ্দিপনা বিৰাজ কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য প্ৰাৰ্থী ঘোষণা কৰাৰ পিছতেই অনুষ্ঠিত কৰা এক সংবাদ মেলত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়ো হাটাও বিটিচি বাচাও ইছ্যুলৈ আগন্তুক উপ নিৰ্বাচনত বিপিএফৰ প্ৰাৰ্থীগৰাকী জয়লাভ কৰাতো নিশ্চিত বুলি মন্তব্য কৰে।

নিৰ্বাচনত ইউপিপিএল দলে যিমান সংখ্যক ভোট লাভ কৰিব তাৰ বিপৰীতে বিপিএফ দলে বেছি সংখ্যক ভোট লাভ কৰিব বুলিও তেওঁ কয়। লগতে তেওঁ কয় যে, ইউপিপিএল দলে বিগত নিৰ্বাচনত বিজেপিৰ ভোটৰ বাবেহে জয়লাভ কৰিছিল। সম্প্ৰতি বিজেপি দলৰ সহায় নললে ইউপিপিএল দল হিচাপে অকলে প্ৰতিদ্বন্দিতা কৰাৰ সমৰ্থ প্ৰমোদ বড়োৰ নাই।

বিগত সাংসদ নিৰ্বাচনত বিপিএফ দলে অফিচিয়েলি জয় লাভ নকৰিলেও আন অফিচিয়েলি বিপিএফ দলে জয়লাভ কৰিছে বুলিও তেওঁ কয়। আনহাতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মিত্ৰজোঁটৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা সন্দৰ্ভতো তেওঁ কয় যে, নিৰ্বাচনৰ সময়ত তেওঁলোক আহিব, কোনোবা বিধায়ক আহিব কিন্তু ওপৰে ওপৰে যাব বিপিএফৰ বাবে কোনো সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে।

চিদলীৰ বাবে বি পি এফৰ সিদ্ধান্ত 'শুদ্ধ'...
মোৱামাৰী আৰু পুথিমাৰী পঞ্চায়তৰ কাম -কাজৰ তদন্তৰ নিৰ্দেশ মন্ত্ৰী ৰণজিৎ দাসৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in