ডিজিটেল সংবাদ কোকৰাঝাৰঃ সূত্ৰধৰ জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত সুকীয়াকৈ সূত্ৰধৰ উন্নয়ন পৰিষদ গঠনকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাই আজি কোকৰাঝাৰত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সদৌ বিটিআৰ সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা আৰু যুৱ সন্মিলনীৰ যৌথ উদ্যোগত কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত দুপৰীয়া ১২ বজাৰ দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত সদৌ অসম সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি টুপেন সূত্ৰধৰ সহ ছাত্ৰ সংগঠনটোৰ কেইবাগৰাকী শীৰ্ষ নেতৃবৃন্দ আৰু শতাধিক সদস্যই অংশগ্ৰহণ কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ তদুপৰি হাতে হাতে প্লে'কাৰ্ড লৈ ধৰ্ণা কাৰ্যসূচীত অৱস্থান লোৱা সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা আৰু সন্মিলনীৰ নেতা-কৰ্মীসকলে অসম আৰু বিটিআৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷
উল্লেখ্য যে, প্ৰতিবাদী অৱস্থান ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে সুকীয়া সূত্ৰধৰ উন্নয়ন পৰিষদ গঠন কৰা, সুত্ৰধৰ লোকসকলৰ ভূমিৰ সমস্যা দূৰ কৰি ভূমিৰ পট্টা প্ৰদান কৰা, ৰাজ্যত থকা স্বায়ত্ত্ব শাসিত পৰিষদসমূহত সূত্ৰধৰসকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা, সূত্ৰধৰসকলৰ জাতিৰ প্ৰমাণ পত্ৰ সমস্যা সমাধান কৰা, বিটিআৰত সূত্ৰধৰ জনগোষ্ঠীৰ বাবে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা কৰা, সূত্ৰধৰ জনগোষ্ঠীৰ পিতৃস্বৰূপ স্বৰ্গীয় তাৰা প্ৰসাদ সূত্ৰধৰৰ নামেৰে প্ৰত্যেকখন জিলাত ভূমি আৱণ্টন দিয়াৰ লগতে ভৱন নিৰ্মাণৰ ব্যৱস্থা কৰা আদি দাবী চাকাৰক জনায় ছাত্ৰ সংগঠনটোৱে ৷
ইপিনে ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা সদৌ অসম সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি টুপেন সূত্ৰধৰে বাৰম্বাৰ আবেদন নিবেদন জনোৱাৰ পিছতো সূত্ৰধাৰ লোকসকলৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰে ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বেই সুকীয়া সূত্ৰধৰ উন্নয়ন পৰিষদ গঠনৰ ক্ষেত্ৰতো চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সভাপতিগৰাকীয়ে৷
ইয়াৰ অন্যথা লোকসভা নিৰ্বাচনত সূত্ৰধৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলিও সকীয়াই দিয়ে ৷ আনহাতে ধৰ্ণা কাৰ্যসূচীৰ অন্তত সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা আৰু যুৱ সন্মিলনীৰ নেতৃবৰ্গই ১০ দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ জিলা অতিৰিক্ত আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
উল্লেখ্য যে, সূত্ৰধৰ যুৱ ছাত্ৰ সন্থাৰ আজিৰ ধৰ্ণা কাৰ্যসূচীত বিটিচি যুৱ ছাত্ৰ সন্থাৰ সভাপতি দীনেশ সূত্ৰধৰ, কাৰ্যকৰী সভাপতি প্ৰাণ সূত্ৰধৰ, যুটীয়া সম্পাদকদ্বয় ক্ৰমে ৰমেন সূত্ৰধৰ আৰু হেমেন সূত্ৰধৰ, সন্থাৰ জিলা সভাপতি তৰণী কান্ত সূত্ৰধৰ, জিলা সূত্ৰধৰ সন্মিলনীৰ সভাপতি অশোক সূত্ৰধৰ উপস্থিত আছিল ৷
Also Read: গোলাঘাটৰ বৰকছাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ উদঘাটন...