পাকিস্তানৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই ৰাইজৰ ৰোষত স্বাস্থ্য কৰ্মী...

পাকিস্তানৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই ৰাইজৰ ৰোষত স্বাস্থ্য কৰ্মী...

author-image
Asomiya Pratidin
New Update
পাকিস্তানৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই ৰাইজৰ ৰোষত স্বাস্থ্য কৰ্মী...

ডিজিটেল সংবাদ, তামুলপুৰ: বৃহস্পতিবাৰে ভাৰতবৰ্ষৰ স্বাধীনতা দিৱস। এই পৱিত্ৰ দিনটো অতি উলহ মালহেৰে দেশবাসীয়ে উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকাৰ সময়তে পাকিস্তানৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা প্ৰদান কৰি ৰাইজৰ ৰোষত পৰিল এগৰাকী স্বাস্থ্য কৰ্মী ৷

জানিব পৰা মতে তামুলপুৰ খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ অধীনৰ কালাকুছি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত নাৰ্চ আনোৱাৰা খাতুনে বুধবাৰে পুৱা নিজৰ হোৱাটএপ ষ্টেটাচত পাকিস্তানৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ ষ্টেটাচটো বিভিন্নজনৰ মোবাইলত প্ৰচাৰ হোৱাৰ পাছতে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। লগে লগে স্থানীয় ৰাইজ আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ, বিশ্ব হিন্দু পৰিষদ বজৰং দল, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সদস্য, বিজেপিৰ যুৱ মৰ্চা, আক্ৰাছু, আছুৰ সদস্যসকলে কালাকুছি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় আৰু নাৰ্চগৰাকীৰ এনে কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে।

ইপিনে এই খবৰ লাভ কৰি তামুলপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নাৰ্চগৰাকীক থানালৈ আনি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে৷ স্বাস্থ্য কেন্দ্ৰটোৰ নাৰ্চ আনোৱাৰা খাতুনক তেওঁৰ স্বামী ইনামুল মুজিৱেও সহায় কৰাৰ অভিযোগ উত্থাপন কৰে কেইবাটাও দল সংগঠনে। ঘটনা সন্দৰ্ভত আনোৱাৰা খাতুন আৰু তেওঁৰ স্বামী ইনামুল মুজিবৰ বিৰুদ্ধে কেইবাটাও দল সংগঠনে পৃথকে পৃথকে এজাহাৰ দাখিল কৰাৰ লগতে দুয়োৰে বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Also Read: ৰঙিয়াৰ ২৯নং বালিকা বিদ্যালয়ৰ হৰ ঘৰ ত্ৰিৰংগা শোভাযাত্ৰা

tamulpur