বাসুগাঁৱৰ বিজয়গাঁৱৰ পৰা কিশোৰ সন্ধানহীন

বাসুগাঁৱৰ বিজয়গাঁৱৰ পৰা কিশোৰ সন্ধানহীন
Published on
Updated on

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ বিজয়গাঁৱৰ পৰা এগৰাকী ১২ বছৰীয়া কিশোৰ নিৰুদ্দেশ হৈছে । নিৰুদ্দেশ হোৱা কিশোৰগৰাকী হৈছে- বিজয়গাঁও-মালিপাৰা গাঁৱৰ বাসিন্দা দেব সৰকাৰ আৰু দুৰ্গা সৰকাৰ বৰপুত্ৰ সৰজীৱ সৰকাৰ ওৰফে সঞ্জীৱ সৰকাৰ (১২)।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি ১৭ জুলাই, বুধবাৰে দুপৰীয়া ২-০০ বজাত পৰিয়ালৰ অজ্ঞাতে ঘৰৰ পৰা ওলাই গৈছিল । ওলাই যোৱা দিনৰে পৰা কিশোৰজন আজিলৈকে সন্ধানহীন হৈ আছে ।

ওচৰ চুবুৰীয়া প্ৰত্যক্ষ কৰা অনুসৰি সঞ্জীৱ ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত ক'লা ৰঙৰ হাফপেন্ট আৰু ক'লা-বগা টী-চাৰ্ট পিন্ধি আছিল । প্ৰথমে পৰিয়ালৰ লোকে নিজাববীয়াকৈ অনুসন্ধান কৰে যদিও নিৰুদ্দেশ কিশোৰজনৰ কোনো ধৰনৰ শুংসূত্ৰ উলিয়াব নোৱাৰি পৰিয়ালৰ লোকে বাসুগাঁও থানাত নিৰুদ্দেশ সম্পৰ্কীয় গোচৰ পঞ্জীয়ন কৰে ।

পৰিয়ালৰ লোকে সদৰীকৰা মতে ছমাহ আগতে নয়টামাৰা গাঁৱৰ ভোলা বৰ্মন নামৰ এজন দায়িত্বহীন ব্যক্তিৰ প্ৰচৰণাত তামোল গছত উঠি দুৰ্ঘটনা পতিত হৈ তলত পৰি কিশোৰজনৰ মূৰ তথা কপালত আঘাতপ্ৰাপ্ত হৈ বহুদিন চিকিৎসাধীন হৈ আছিল । কিশোৰজনৰ কপালত আঘাতৰ চিন স্পষ্ট আছে ।

উক্ত দুৰ্ঘটনাৰ পিছত কিশোৰজনৰ মানসিক স্থিতি সম্পূৰ্ণ নাছিল। কোনো সদাশয় ব্যক্তিয়ে যদি নিৰুদ্দেশ কিশোৰজনৰ সন্ধান লাভ কৰে তেনেহ'লে ওচৰৰ আৰক্ষী থানা বা ৯৩৯৫২৫৪০২৮ মোৱাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

বাসুগাঁৱৰ বিজয়গাঁৱৰ পৰা কিশোৰ সন্ধানহীন
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰদূত কে নাটৱাৰ সিঙৰ দেহাৱসান : প্ৰধানমন্ত্ৰী মোডীৰ শোক প্ৰকাশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in